বদৰুদ্দিন আজমলৰ মহিলা সম্পৰ্কে কুৰুচিপূৰ্ণ মন্তব্যক গৰিহণা অসম চিভিল ছ’চাইটিৰ, ক্ষমা খোজাৰ দাবী

বদৰুদ্দিন আজমলৰ মহিলা সম্পৰ্কে কুৰুচিপূৰ্ণ মন্তব্যক গৰিহণা অসম চিভিল ছ’চাইটিৰ, ক্ষমা খোজাৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সাম্প্ৰতিক ৰাজনৈতিক অসহিষ্ণুতাৰ পৰিপ্ৰেক্ষিতত অখিল গগৈৰ পত্নীক বিতৰ্কৰ মাজলৈ টানি অনাৰ মাজতে এআইইউডিএফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলে গীতাশ্ৰী তামুলি আৰু বদ্ধা মহিলা সম্পৰ্কে যি কুৰুচিপূৰ্ণ মন্তব্য কৰিলে, অসম চিভিল ছ’চাইটিয়ে তাৰ বাবে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ গৰিহণা জনাইছে আৰু উক্ত মন্তব্য তাৎক্ষণিকভৱে প্ৰত্যাহাৰ কৰিবলৈ, আৰু লগতে গীতাশ্ৰী তামুলী আৰু অসমৰ নাৰী সমাজৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছে৷ অসমৰ ৰাজনীতিৰ পূৰ্বৰ গৰিমাময় পৰম্পৰাৰ বিপৰীতে সাম্প্ৰতিক সময়ত ক্ৰমৱৰ্ধমান অসহিষ্ণুতা, কটুবচন, প্ৰতিহিংসাপৰায়ণতাত অসমৰ জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে আৰু ই ভৱিষ্যৎ প্ৰজন্মৰ বাবেও বেয়া উদাহৰণ সৃষ্টি কৰিছে৷ অসম চিভিল ছ’চাইটিয়ে সকলোকে পক্ষকে শালীনতা আৰু সংযম অৱলম্বন কৰি সমাজৰ প্ৰতি নিষ্ঠাসহ দায়বদ্ধতা পালন কৰিবলৈ আহবান জনাইছে৷