বতাহঘুলিত ভঠেলি উৎসৱ উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ বতাহঘুলিৰ ভঠেলি খোলাত নৱম বাৰ্ষিক বতাহঘুলি ভঠেলি উৎসৱ উদযাপন কৰা হয়। ৰাতি পুৱা ৭:৩০ বজাৰ পৰা চাফাই অভিযান , ৰাতিপুৱা ১০:০০ বজাত পাৰ লৈ বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ত্ৰৈলোক্য শালৈয়ে। ৰাতিপুৱা ১১:০০ বজাৰ পৰা সদৌ অসম ভিত্তিত বিয়াগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিয়াগীত অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বিনোদ ভাগৱতীয়ে। বিয়াগীত প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰ লাভ কৰে গুৱাহাটী পাঞ্জাবাৰীৰ সবিতা ভৰালীৰ দলে,দ্বিতীয় পুৰস্কাৰ লাভ কৰে গুৱাহাটী বোন্দাৰ সাত সৰি বিয়া নাম দ’লে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে গুৱাহাটী ভৰলুৰ ৰীতা মণি ভূঞাৰ দলে । আবেলি ৫:০০ বজাত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ পাঠকে। অতিথিৰ আসন অলংকৃত কৰে কুঞ্জবিহাৰী ভূঞা আৰু অতুল দাসে । সন্ধিয়া ৬:০০ বজাত গুৰু দ্ৰোণ ভূঞা পৰিচালিত দৰঙীয়া ওজাপালি আৰু দেওধনী নৃত্য প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে যাদু সম্ৰাট বিক্ৰমে তালুকদাৰে । দৰঙীয়া ওজাপালি আৰু দেওধনী নৃত্য প্ৰদৰ্শনৰ পাছতে ঐতিহ্য অসমৰ দ্বাৰা পৰিৱেশিত ঢুলীয়া চঙ আৰু চাৰ্কাছ প্ৰদৰ্শন কৰা হয় । ঢুলীয়া চঙ আৰু চাৰ্কাছৰ শুভ উদ্বোধন কৰে বৃহত্তৰ বতাহঘুলি শ্ৰীশ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰনজিৎ কুমাৰ বায়নে৷