বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান আটক তিনিজন লোক
আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- ডুমডুমিয়াৰ পাটিয়া চাপৰি অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বটদ্ৰৱা আৰক্ষীয়ে। পাটিয়া চাপৰীৰ জাকিৰৰ ঘৰত তালাচী চলাই যদিও জাকিৰ পলাই যাবলৈ সক্ষম হয়। জাকিৰৰ ঘৰতেই ওপৰৰ ডুমডুমিয়া গাঁৱৰ অনন্ত দাস,মাধুৰ্য্য দাস আৰু ইদ্ৰিছ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু জাকিৰৰ ঘৰৰ পৰা ড্ৰাগছ ভৰ্ত্তি ১৬ টা কন্টেনাৰ,ওজন ২১.৮৪ গ্ৰাম আৰু লগতে ১.৫৮ গ্ৰাম ড্ৰাগছ আৰু ৩ টা ম’বাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ব্যক্তি কেইজনক জেল হাজতলৈ প্ৰেৰণ কৰা বুলি জানিব দিযে বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই।