বছৰৰ বাৰটা মাহ- জ্যোতিস্মিতা গোস্বামী শৰ্মা 

Pc Shutterstock

বছৰৰ বাৰটা মাহ
(জেকোশ্লভেকিয়ান সাধু)

এসময়ত মাৰিয়া নামৰ এজনী ছোৱালী আছিল। তাইৰ মাক নথকাৰ বাবে মাহীমাক আৰু তেওঁৰ জীয়েক হেলেন অৰ সৈতে বাস কৰিছিল। মাহীমাক আৰু হেলেনে মাৰিয়াক ভাল নাপাইছিল সেয়ে তাইক ঘৰৰ সকলো কাম কৰিবলৈ দিয়াৰ উপৰিও ভাল দৰে খোৱা পিন্ধাৰ পৰা বঞ্চিত কৰিছিল। মাৰিয়া হেলেনতকৈ ধুনীয়া হোৱাৰ বাবেও মাহীমাকে তাইক হিংসা কৰিছিল। লগতে হকে বিহকে শাস্তি দিবলৈ নতুন নতুন কৌশল বিচাৰিছিল। এদিন হেলেনে মৰিয়াক ভায়’লেত ফুল আনিবলৈ আদেশ দিলে। তেতিয়া ডিচেম্বৰ মাহৰ ঠেটুৱৈ ধৰা জাৰৰ দিন। বাহিৰ খন বৰফেৰে ঢকা মাৰিয়াই ক’লে ভায়’লেত ফুলতো ঠাণ্ডা দিনত নুফুলে তাই ক’ৰ পৰা ভয়’লেত ফুল আনিব? হেলেনে ফুল আনিব নোৱাৰিলে ঘৰলে আহিব নোৱাৰে বুলি কৈ তাইক ঘৰৰ পৰা উলিয়াই দুৱাৰ খন বন্ধ কৰি দিয়ে। বৰফে ঢকা বাহিৰ খনত মাৰিয়াই কপি কপি ইফাল সিফাল কৰোতে শীতৰ যন্ত্ৰণাই তাইক আগুৰি ধৰিছিল। হঠাতে দূৰৈত তাই বৰফৰ ওপৰত একুৰা জুই দেখা পালে। মাৰিয়াই জুই কুৰা ফালে আগবাঢ়ি গ’ল। কিছু দুৰ যোৱাৰ পাছত তাই বাৰ জন মানুহে জুই কুৰা বেৰি বহি থকা দেখিলে। তেওঁলোকে দীঘল দীঘল বগা কাপোৰ পিন্ধি জুই পুৱাই আছিল। মানু্হ কেইজনৰ ভিতৰত জেষ্ঠ জনে মাৰিয়াক সুধিলে ” ইমান ঠাণ্ডা ত তুমি ইয়াত কি কৰিছা?”মাৰিয়াই দুখেৰে ক’লে যে তাইক মহী মাক আৰু সতীয়া ভনীয়েকে ভায়’লেত ফুল নিবলৈ পঠাইছে।

জানুৱাৰী নামৰ মানু্হ জনে ক’লে”আমি হ’লো বছৰৰ বাৰটা মাহ, আমি তোমাক সহায় কৰিম।”তেওঁ মাৰ্চ নামৰ ডেকা জনক নিজৰ ঠাইলৈ মাতিলে। মাৰ্চ আহি জানুৱাৰীৰ ঠাইত বহি দুয়ো খন হাত ওপৰলৈ কৰি জোঁকাৰি বলৈ ধৰে। লগে লগে বসন্ত কাল আৰম্ভ হয় আৰু চাৰিওফালে ৰং বিৰঙৰ ফুল ফুলিবলৈ ধৰে। মাৰিয়াই এপাচি ভায়’লেত ফুল চিঙি সকলোকে ধন্যবাদ জনাই ঘৰলৈ উভতিল। মাহীমাক আৰু হেলেনে ফুল দেখি আচৰিত হ’ল, কিন্তু সুখী নহ’ল। দুদিনৰ পাছত হেলেনে মাৰিয়াক স্ত্ৰবেৰিআনিবলৈ আদেশ দিলে। ষ্ট্রবেৰি গৰম কালিহে পায়। শীত কালত মাৰিয়াই ক’ৰ পৰা স্ত্ৰবেৰী আনিব! মাহীমাকে নামানে । তেওঁ মাৰিয়া ক ঘৰৰ বাহিৰ কৰি দুৱাৰ বন্ধ কৰি দিয়ে।

হাড় কপোৱা ঠাণ্ডাত মাৰিয়াই পুনৰ হাবিৰ মাজত জুইকুৰা আৰু মানুহ কেইজন বিচাৰি গ’ল ৷ দূৰত জুইকুৰা দেখি তাই আগবাঢ়ি যায়। মানুহ কেইজনে আগৰ বাৰৰ দৰে ঘূৰণীয়াকৈ জুই পুৱাই আছে।

“এইবাৰ আকৌ কি হ’ল” জানুৱাৰীয়ে মাৰিয়া ক সুধিলে। শীতৰ ঠৰঙা জাৰত কপি কপি মাৰিয়াই ক’লে”হেলেন আৰু মহীমায়ে ষ্ট্ৰবেৰী খাব বিচাৰিছে । মোক সহায় কৰিবানে?”বহি থকা যুৱক এজনলৈ চাই জানুৱাৰীয়ে ক’লে”ভাইটি জুন তুমি মোৰ ঠাইত বহা মই তোমাৰ ঠাইত বহো।”জুনে জানুৱাৰী ঠাইত বহি হাত দুখন ওপৰলৈ তুলি জোঁকাৰিবলৈ ধৰিলে।লগে লগে বৰফে ঢকা ঠাইত সেউজীয়া ঘাঁহনিৰ মাজে মাজে স্ত্ৰবেৰি গছ গজি ৰঙা ৰঙা স্ত্ৰবেৰি লগিবলৈ ধৰিলে। মাৰিয়াই এপাছি ষ্ট্রবেৰি ভৰাই সকলোকে ধন্যবাদ জনাই ঘৰলৈ ৰাওনা হ’ল।

এইবাৰ হেলেনে মাৰিয়াক আপেল আনিবলৈ আদেশ দিলে।”আপেল শৰত কালতহে লাগে, মাৰিয়াই ভয়ে ভয়ে ক’লে “।নির্দয় হেলেন আৰু মাহীমাকৰ গৰ্জনত মাৰিয়াই আকৌ হাবিৰ মাজত বাৰজন ককাই ভাইক বিচাৰি গ’ল। তেওঁ লোকক লগ পায় মাৰিয়াই অণুনয় বিনয় কৰি ক’লে মোৰ মহীমা আৰু হেলেনে আপেল খাব খুজিছে দয়া কৰি মোক সহায় কৰা, নহ’লে তেওঁলোকে মোক ঘৰত সোমাবলৈ নিদিব।”

জানুৱাৰীয়ে ছেপ্টেম্বৰক নিজৰ ঠাইত বহিবলৈ মাতিলে। ছেপ্টেম্বৰ গৈ ককায়েক জানুৱাৰীৰ ঠাইত বহি জুনৰ দৰে হাত দুখন ওপৰলৈ কৰি জোঁকাৰি বলৈ ধৰিলে। লগে লগে আপেলেৰে ভৰা গছ গজি উঠিল। আনন্দত আত্মহাৰা হৈ আপেল চিঙি পাচিত ভৰালে আৰু সকলোকে ধন্যবাদ জনাই ঘৰলৈ যায়।

মাৰিয়াই অনা আপেল দেখি হেলেন আৰু মাহীমাক সন্তুষ্ট নহ’ল । বৰঞ্চ আপেলৰ লোভত তেওঁলোক হাবিলৈ যাবলৈ ওলাল । ঠাণ্ডাত কপি কপি হাবিত ঘূৰি ফুৰোঁতে তেওঁলোকেও ককাই ভাই কেইজনক লগ পালে “তোমালোক ইয়ালৈ কিয় আহিছা? জানুৱাৰীয়ে নম্ৰ ভাৱে হেলেন আৰু মাহীমাকক সুধিলে।”

হেলেনে অভদ্র ভাৱে ক’লে”আমাক এতিয়াই ৰঙা ৰঙা আপেল দে।”মাহীমাকে কঠোৰ মাতেৰে ক’লে তহঁতে দেখা নাই আমি ঠাণ্ডাত কেনেকৈ কপিছোঁ।”

মাক জীয়েকৰ কথা শুনি বাৰজন ককাই ভাইৰ খং উঠিল । খঙত জানুৱাৰীয়ে ওপৰলৈ হাত দুখন তুলি জোঁকাৰিবলে ধৰিলে। জানুৱাৰীৰ হাতৰ জোঁকাৰনিত প্ৰবল বৰফৰ ধুমূহাই তাণ্ডৱ আৰম্ভ কৰিলে। আৰু ককাই ভাই কেইজন তাৰ পৰা অন্তধ্যান হ’ল।

বৰফৰ ধুমুহাত হেলেন আৰু মাহীমাক চিৰদিনৰ বাবে হেৰাই গ’ল। তেওঁলোকে মৰিয়াক কষ্ট দিবলৈ আৰু ঘুৰি নাহিল। মাৰিয়াই নিজৰ ঘৰত শান্তিৰে দিন কটাবলৈ ধৰিলে।

জ্যোতিস্মিতা গোস্বামী শৰ্মা