বঙাইগাঁৱত নিৰ্বাচনী সভা

বঙাইগাঁৱত নিৰ্বাচনী সভা

ৰঙিলী বাৰ্ত্তাসেৱা-   বঙাইগাঁও অঃগঃপ কাৰ্যালয়ত অঃগঃপ, বিজেপি আৰু ইউপিপিএলৰ দলৰ আগন্তক উপ নিৰ্বাচনৰ সম্পকত যৌথভাৱে নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত সভা‌খনৰ সভাপতিত্ব কৰে বিজেপি দলৰ বঙাইগাঁও জিলাৰ সভাপতি উজ্বল কান্তি ৰায়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অঃগঃপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে৷ উক্ত সভাত উপস্থিত থাকে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী । এই সভাতেই তিনিওটা দলৰ ক্ৰমে ফণীভূষন চৌধুৰী, জয়ন্ত বসুমতাৰী,ভূপেন ৰায়, উজ্বল কান্তি ৰায়,সুবোধ দাস,ইতিশ বৰদলৈ,হিমানি অধিকাৰী,লীনা সিংহ, অশোক নাৰায়ন ,কিৰন বৰ্মন,শশী ভূষন মেধী,কৌস্তৱ দাস আৰু ইপিপিএলৰ সদস্যক লৈ এখনি নিৰ্বাচনী কৰ সমিতি গঠন কৰা হয়।