বকোৰ শিংৰাত লাইনচ্যুত হৈ বাগৰিল মালবাহী ৰে’লৰ ১১টা ডবা

বকোৰ শিংৰাত লাইনচ্যুত হৈ বাগৰিল মালবাহী ৰে’লৰ ১১টা ডবা

ৰঙিলী বাৰ্ত্তাসেৱা-  বকোৰ শিংৰাত দুৰ্ঘটনাত পতিত হ’ল এখন মালবাহী ৰে’ল। মালবাহী ৰে’লখন লাইনচ্যুত হৈ ১১টা ডবা বাগৰি পৰে।ৰে’লখনত কয়লা আছিল। মালবাহী ৰে’লখনৰ ৬০টা ডবা আছিল বুলি জানিব পৰা গৈছে। ইয়াৰে ১১টা ডবা বাগৰি পৰে। ইতিমধ্যে ঘটনাস্থলীত ৰে’ল বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈ অহা নাই।