বংশৰ ভৃঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস পালন

বংশৰ ভৃঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস পালন

বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বংশৰ ভৃঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয় আৰু ঈশান প্ৰাগজ্যোতিষা মানৱ কল্যাণ সংস্থাৰ উদ্যোগত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস বংশৰ ভৃঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ১৪ নৱেম্বৰত পালন কৰা হয়। আৰম্ভণিতে ছাত্র-ছাত্ৰী সকলে প্ৰাতঃ সভাৰ পিছতে নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়। বংশৰ ভৃঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ইন্দ্রকান্ত বৈশ্যৰ সঞ্চালনাত মূখ্য অতিথি হিচাপে পূৱ বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° ধ্ৰুৱজ্যোতি মালাকৰ শিশু দিৱস উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে। পুৱা অনুষ্ঠিত বিদ্যালয়ৰ ছাত্র ছাত্রীৰ মাজত বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। খেল উদ্বোধন কৰে সংস্থাৰ সভাপতি হিমাংশু বৈশ্য সম্পাদক নোৰোত্তম বৈশ্যই। বিভিন্ন খেলৰ প্ৰথম, দ্বিতীয়,, তৃতীয় স্থান পোৱা আৰু অংশগ্রহণকাৰী প্ৰত্যেক ছাত্র- ছাত্রীক একোখনকৈ মানপত্র প্ৰদান কৰে। শেষত শিক্ষক জিতুমনি বৈশ্য, শিক্ষয়িত্ৰী বিজয়া দাস, মলয়া দাস, সংস্থাৰ মুন বৈশ্য, ধ্ৰুৱজ্যোতি বৈশ্যৰ উপৰিও কেইবাজনেও বক্তব্য ৰাখে। শলাগৰ শৰাই আগবঢ়াই প্ৰধান শিক্ষক ইন্দ্রকান্ত বৈশ্যই।