বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ ৫মশ্ৰেণীৰ বিদায় সভা
ইন্দ্ৰ কান্ত বৈশ্য,বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- হাজো খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় ৰ অধীনস্থ বংশৰ মণ্ডল সমল কেন্দ্ৰৰ বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয় ত আজি ৫ম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীৰ বিদায়ী সভাখন অনুষ্ঠিত হয়। বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কন্দৰ্প বৈশ্যৰ সভাপতিত্ব ত সভা খন অনুষ্ঠিত হয়। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্য ই কয় যে ছাত্ৰ -ছাত্ৰী ৰ সৰ্বাংগীন বিকাশৰ বিভিন্ন দিশৰ ওপৰত বক্তৃতা আগবঢ়ায় আৰু ভৱিষ্যতে একো একোজন সুনাগৰিক হৱলৈ বিশেষ ভাৱে পঞ্চম শ্ৰেণীৰ ২০ গৰাকী ক আহ্বান জনায়। বিদায়ী সভাখনত সহ: শিক্ষক জিতুমণি বৈশ্য,মলয়া দাস, ডলী ডেকা আৰু বিজয়া দাস ভড়ালী য়ে ছাত্ৰ -ছাত্ৰী ৰ ভৱিষ্যত উদ্দেশ্যি সুন্দৰ ভাষণ ৰাখে । পঞ্চম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী সকলে শিক্ষা গুৰুসকলক সেৱা জনায় আৰু আশীৰ্বাদ লয়।