বংশৰৰ ভদ্ৰেশ্বৰ ডেকাৰ গ্ৰন্থ “বালিমাহী” উন্মোচন
বংশৰ, ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰ অঞ্চলৰ বিশিষ্ট লেখক তথা ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যলয়ৰ অসমীয়া বিভাগৰ অৱসৰ প্ৰাপ্ত সহকাৰী অধ্যাপক ভদ্ৰেশ্বৰ ডেকাৰ ১৯/১১/২৪ ইং তাৰিখে ৭০ সংখ্যক জন্মদিন উপলক্ষে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী, শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যই আতধৰা গ্ৰন্থ উন্মোচনী সভাত সঞ্চলনা কৰে সমাজকৰ্মী তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ দাসদেৱে। বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী মদন মোহন দাসদেৱে ভদ্ৰেশ্বৰ ডেকাৰ কাব্য গ্ৰন্থ “বালিমাহী” উন্মোচন কৰে। দাসদেৱে উন্মোচনী ভাষনত কয় যে- “বালিমাহী” এবিধ সৰু চৰাই, নামটোৱে সৰুৰ পৰা ডাঙৰ হোৱা, প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়লৈ যোৱা মানসিকতা ফুটাই তুলিছে বুলি কয়।সভাত আমন্ত্ৰিত অতিথি হিচাবে শুৱালকুছি গণেশ দাস হাইস্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা তথা জেষ্ঠ্য সাংবাদিক যোগেন্দ্ৰ নাথ ভড়ালীয়ে কয় যে, গ্ৰন্থ হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। সভাত বিনোদ ভাগৱতী, প্ৰভাত বৈশ্য,দেবেন্দ্ৰ নাথ কাকতি,মকবুল হুছেইন, ধৰ্মেশ্বৰ ঠাকুৰীয়া,ড০ ধ্ৰুৱজ্যোতি মালাকাৰ, মনোমোহন বৈশ্য, তিলোমা ডেকা, ভূপেন কলিতাই লেখকৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত ভাষণ ৰাখে। উত্তৰ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰতিচ্ছবি তথা জাতীয় চেতনা চৈতন্যবোধৰ পৰিচয় দাঙি ধৰা “কামৰূপা” কবিতাটি সুন্দৰ ভাৱে আবৃত্তি কৰে ইন্দ্ৰ কান্ত বৈশ্যই। উন্মোচনীৰ আগে আগে ঊনৈশ শতিকাৰ অসমীয়া ভাষা সাহিত্যৰ উদ্বাৰৰ অক্লান্ত যুজাৰু পুৰোধা ব্যক্তি স্বনামধন্য অসম হিতৈষী স্বৰ্গীয় আনন্দ চন্দ্ৰ ঢেঁকিয়াল ফুকন দেৱৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ, বন্তিপ্ৰজ্বলন কৰে লেখক ভদ্ৰেশ্বৰ ডেকাই। শেষত শলাগৰ শৰাই আগবঢ়ায় “বালিমাহী”ৰ লেখক ভদ্ৰেশ্বৰ ডেকাই।