ফাগুন
ফাগুন মানে এটি সুন্দৰ মাহ ফাগুনত বয় যায়,
প্ৰেমৰ বতাহ যৌৱনৰ অফুৰন্ত ক্ষণ ।
ফাগুনত প্ৰেমিক প্ৰেমিকাৰ মনত পৰে
ফাগুনীজনী লৈ মন যায় কথা পাতিব
ফাগুনৰ বতৰত, নিজান নিস্তব্ধ সময়
কি সুন্দৰ সময়, মনে বিচাৰে মনৰ ফাগুনীক
কিন্তু মই আজি দুৰত থকাৰ বাবেই মনৰ
ফাগুনীজনীক দেখা নাপাওঁ ।
ফাগুন মানে উতলা, য’ত মৰম ভালপোৱা
উতলি থাকে, প্ৰেমিক প্ৰেমিকাৰ মনত ।
মনত পৰে ফাগুনীজনী লৈ মন যায় কথা
পাতিব ফাগুনৰ বতাহত।
ফাগুনৰ বতাহত ক’ত পখিলা উৰা মাৰি যায়,
কেতিয়াবা আকৌ …………………..
পখিলাই ফাগুনৰ বতাহত নিজৰ ঠিকনাই
হেৰাই পেলাই ।
মোৰো মন যায় আপোন জনৰ সৈতে
ফাগুনৰ বতৰত নিজান নিস্তব্ধ কোণত
বহি কথা পাতিব ।
মই আজি নাই যে,আপোনজনৰ হৃদয়
খনও একেবাৰে উৰুঙা হৈ আছে ফাগুনৰ বতৰত ।
আপোনজন কাষত নথকাৰ বিৰহত মৰিছোঁ ।
ফাগুনী পছোৱা আহে আৰু মোৰ হৃদয় খন
ভাগি থৈ যায় , এটি পলৰ বাবে ।
ফাগুন মানে উতলা, য’ত মৰম জাগে বুকুত অযুত।
মিন্টু গোৱলা,
লখিমপুৰ
লখিমপুৰ