ফাগুন – মিতালি বৰঠাকুৰ

 ফাগুন  

মিতালি বৰঠাকুৰ ( আচাৰ্য ) ,মালিগাওঁ

ফাগুন
এক ৰঙীন  কেনভাছ
 য’ত সৰা পাতৰ ঠিকনা লিখা থাকে
 ফাগুন
 এটা জীৱনৰ পৰিসমাপ্তি
নতুনৰ প্ৰতিশ্ৰুতিৰে এক নৱ  জীৱনৰ ৰেঙনি
ফাগুন
পলাশ , মদাৰৰ দৰে ৰাঙলী হৈ পৰা
এটি এটি সপোনৰ চিৰ সেউজ
এখনি কল্পচিত্ৰ।
ফাগুন
এজাক ধুলিয়ৰি উতলা বা ‘
ডেকা গাভৰুৰ
যৌৱনৰ ৰঙীন শিমলু তুলা।