ফাগুন
উদং পথাৰৰ আলিয়েদি
সেন্দুৰৰ ৰং চতিয়াই
ফাগুন আহিছে।
দুষ্ট ফাগুনে খহাই চাদৰৰ আঁচল
ধুলিয়ৰী বাট ৰঙা কৰি
তাঁতশালৰ শিপিনীৰ বুকুত
নিলাজী স্পৰ্শ পছোৱাৰ
পলাশ , শিমলুৱে আনে বসন্তৰ বতৰা
হিৰণময়ী বাসনাত ফাগুন হয়
উতনুৱা
নৈপাৰৰ এজাৰে বেজাৰ সাঁমৰি
উৰি ফুৰে শিমলু তুলা হৈ
বুকুত কঢ়িয়াই
ভালপোৱাৰ অজুত বাসনা
উন্মাদ বতাহত সৰাপাতে পাতে ফাগুনৰ বহুৰঙী আৱেশ,
মনৰ খিৰিকীত কোবাই
ধূলিয়ৰী ধোৱাৰ সৈতে
সোমাই আহে
নীলা খামৰ চিঠিখন
যোৱা বাৰ ফাগুনে লিখা।
দুলুমণি শইকীয়া
নগাঁও