ফাগুন – টিংকু বৰা

ফাগুন 

 টিংকু বৰা, লখিমপুৰ

এদিনাখন
ফাগুনে মোক কাণে কাণে ক’লে,
কিয় তোমালোকে
মোৰ হৃদয়তে দিয়া উজাৰি
আৱেগ, অনুভৱ, আশা, আশংকা
পোৱাৰ সুখ, নোপোৱাৰ বেদনা
সমস্ত হৃদয়খনি !
মই আহিম
কিছুপৰ ৰ’ম,
সুখ-দুখ ৰ কিছু আলাপ
পুনশ্চ উভতিম (সময়ৰ লগত)
ঠিক চ’তৰ দৰে
তেনে কিয় কৰাহে বৈষম্য?
চʼতক কিয় কৰা অৱমাননা ?
চʼতেওতো গাঠিব পাৰে
উদবাউল হৃদয়ৰ ৰজস্ৰোতাত
মালা এধাৰি
চʼতেওতো নিৰ্মাণ কৰিব পাৰে
মন দাপোনত
বোলছবি এখনি !
চʼতেওতো ছটিয়াব পাৰে কোমল হৃদয়ত
মায়াময় ৰঙ এধানি !