ফাগুনৰ নোকোৱা কথাবোৰ
কৰণ কলিতা,ৰঙিয়া
নিশা নামে ,
তাইৰ চকুযুৰিয়ে সেই গধূলিখিনিত কিবা খেপিয়াই ফুৰে ,
হয়তো…
এমুঠি সুখ নতুবা এমুঠি দুখ !
নে এটি নতুন ফাগুণ?
খিৰিকীখনত যেতিয়া আন্ধাৰে ডোঙা বান্ধে ,
গাড়ীৰ ৰঙা-নীলা পোহৰেৰে চহৰখনে প্ৰাণ পাই উঠে ,
বেলি ডুবা তমসাখিনিত সেইহালি কাজলী চকু ডুবি যায়
নিৰৱে…
অকলশৰে…
শিলৰ ঠেকেচাত ,
ঘৰমুৱা চাইকেলকেইখনে কেৰেক মেৰেক কৰে ;
এহাত ৰঙাই একা-বেকাঁ গলিটোত বাগৰ সলায় ।
বুকুৰ ৰঙা নে মদাৰৰ ৰঙা ?
তাই নেজানে….
তাই মাথোঁ জানে ,
ঘৰমুৱা মানুহ !
ঘৰমুৱা পখীৰ ঠিকনা !
লঠঙা গছৰ দুৱাৰডলিত তাই এবোকোচা পলাশ বুটলে ,
শুকান পাতবোৰ ডায়েৰীত সামৰে ,
ফাগুণ কিয় ইমান ৰুক্ষ ?
তাই ভাবে…
বাটৰ শুকান ধূলিবোৰ অচিনা চকুপানীত সেমেকি উঠে ,
শিমলু ফুলা পৰত ,
তাইৰ বুকুৰ তেজৰঙা ফুল মৰহি যায় ।
আইনাৰ তাইজনী তাইয়েই নে বাৰু ?
তাই নিজকে প্ৰশ্ন কৰে ।
কপালৰ শালমইনাটোৱে খোচখোচায় ,
এজাক ধূলিঁয়ৰি বতাহে তাইক আচুঁৰি থৈ যায় !
” নতুন কুহিঁপাতে পোখা মেলিলে কোনেনো মৰহা ফুললৈ মনত পেলায় ?
বসন্তৰ বেঁকা হাঁহিত ফাগুণৰ বুকুত দাৱানল জ্বলে,
ময়ো ফাগুণ নেকি বাৰু?”