অণুগল্পঃ
পেটৰ তাড়না
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
আব্দুলে বাইদেউৰ পৰা দুমাহৰ বাবে গৃহকাৰ্য বিচাৰিছে । বাইদেউৱে সুধিলে, “আব্দুল
ইমান গৃহকাৰ্য কিয় ?” তেনে সময়তে বিদ্যালয়লৈ মাকে আহি ক’লে যে বাইদেউ ল’ৰাটোক ছুটী দি দিয়ক । গাড়ী ৰৈ আছে আমি যাব লাগিব ।
বাইদেউ: ক’লৈ ?
আব্দুলৰ মাক : ইটাভাটালৈ…..
কল্যাণী বাইদেউৱে একো ক’বলৈ সময়ে নাপালে । নিমিষতে ল’ৰাটোক লৈ মাকজনী গুচি গ’ল। আব্দুলে চকু মচি মচি যোৱা দৃশ্যটো কেৱল নিমাত-নিস্তব্ধ হৈ তেখেতে চাই থাকিল ।