ফাগুনৰ আগমন – ছেলিমা বেগম

ফাগুনৰ আগমন 

ছেলিমা বেগম , নগাঁও

সৰা পাতে কাণে কাণে ফুচ-ফুচ্ কৰি কৈ দিলে ,
 ফাগুনৰ বা লাগিছে
উত্তৰৰ পৰা দক্ষিণলৈ বলা ফাল্গুনী
বতাহ জাক  উৰুৱাই নিলে ধৰণী’ৰ বুকু খনৰ চাদৰ
 ধূলি আনি সানি দিলে গালত।
এটা এটাকৈ শিমলু ফুলিবলৈ আৰম্ভ কৰিছে
প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত
ফাগুন গাভৰু হ’বলৈ ধৰিলে।
ভূমণ্ডল খনে পিন্ধি লৈছে, মদাৰ,
পলাশৰ ফুলাম চাদৰ,
ধৰণী ভাষী চাই হাঁহি আছে
আনন্দ মনেৰে উফ্ঃ ফাগুন!
তোৰ প্ৰশংসা কৰিবলৈ
 ফুলেৰে সজাই তুলিছে
মদাৰ ফুল মালা গাঁঠি লৈ আহিছে
ফাগুনী’ক পিন্ধাই দিবলৈ।
ঘাঁহনি, বননি ৰৈ আছে,
এজাক বৰষুণৰ আশাত
নিজৰ বুকুতে পাই ঠন ধৰি উঠিবলৈ ।
সেউজীয়া  পথাৰ নিজকে সজাই তুলিবলৈ ।
ফাকুৱা উৎসৱ আনি দিব সাত ৰঙৰ ৰং
ফাগুণী’য়ে উৰুৱাই দিব প্ৰেয়সী’ৰ চুলিকোচা
তাকে চাবলৈ পছোৱা বতাহ জাক
  ৰৈ আশাৰে বাট চাই।