ফাগুনত ফাকুৱাৰ দিন – বিশ্বজিৎ বৈশ্য

ফাগুনত ফাকুৱাৰ দিন

বিশ্বজিৎ বৈশ্য,বংশৰ(শুৱালকুছি)

         ফাগুন মাহৰ শুক্লা চতুৰ্দশী আৰু পূৰ্ণিমা তিথিত দৌল উৎসৱ অনুষ্ঠিত কৰা হয়৷ চতুৰ্দশী তিথিৰ দিনা গোসাঁই ক ভেলাঘৰ দাহন প্ৰথাৰে দৌলত উঠোৱা হয়৷পূৰ্ণিমাৰ দিনা গোসাঁই পূজাৰ লগতে হোমাগ্নিৰে সকলো ৰাইজে পূজা অৰ্চনা কৰে৷ পূৰ্ণিমাৰ দিনা গোসাঁই ক ফাগু সানি তাৰ পিছদিনা মানুহে ফাগু লয়৷ ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে আমি জানো। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা এটা মেজি সাজি হোলীগীত গাই আনন্দ কৰা দেখা যায়। ঠাইবিশেষে মানুহৰ দুৱাৰমুখ আদিত ফাঁকুগুৰিৰে সুন্দৰকৈ সজাই তোলা হয়।স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। ধৰ্মীয় ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ ই এক উৎসৱ।