ফাঁকুৱাৰ ৰং
কুমুদ চন্দ্ৰ মেধি
বসন্ত আহিলে পলাশো ফুলিলে
ফুলিলে মদাৰ ফুল,
আনন্দেৰে ভৰা ফাঁকুৱা আহিল
সোণৰ মন বিয়াকুল।
নানা বৰণীয়া ফাঁকু ৰহণীয়াদি
য়ে গাত ছটিয়ায়,
হোলী গীতেৰে কৃষ্ণ বন্দনাৰে
পৰিবেশ ৰজনজনায়।
সকলোৱে মিলি আছিল উথলি
ৰতন ওলাল লৱৰি,
বোকা পানীৰে কাপোৰ কানি
হৈ লুতুৰি-পুতুৰি।
ৰতনক দেখা পাই আইতাই ক’লে-
হায় এইবোৰ কেনে হাবিয়াস,
পবিত্ৰ ৰঙে ভৰা ফাগুন সুন্দৰ কৰা
কৃষ্টি নকৰা বিনাশ।
ফাগুনৰ আগমনে ধৰা ৰঙীন কৰে
মন কৰে ৰাই-জাই,
আহাচোন আগবাঢ়ি গাওঁ হাতে-হাত ধৰি
কৃষ্ণৰ মহিমা বৰ্ণায়।
আইতাই নাচি ঘূৰি হাতত ফাঁকু গুৰি
ৰতনক দিলে ফুলপাহ,
এজনে আনজনক মৰম যাচিলেহক
গাই হোলী বাহ্ বাহ্ বাহ্।