ফটাশিল-আমবাৰীত নিৰ্বাচনী সভা
ৰঙিলী বাৰ্ত্তাসেৱা- ফটাশিল আমবাৰীৰ দুৰ্গা মন্দিৰত কালি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টীৰ আৰু মিত্ৰ দলসমূহৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে মিত্ৰ দলৰ ৫নং গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধী, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, গুৱাহাটীৰ পৌৰপতি মৃগেন শৰনীয়া, উপ পৌৰপতি স্মৃতা ৰয় দাস,প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়া, মুকুট কলিতা, ৰিংকু কলিতা, বাবুপ্ৰসাদ শৰ্মা, গোলাপ ডেকা, হিৰেন ডেকা, শংকৰ দত্ত, কুশল মালী, জিতেন বৈষ্ণৱ, মহেশ কলিতা, যোগেন কুমাৰ, গীতাৰানী কলিতা, পূৰবী তালুকদাৰ, অজয় দাস, ৰাহুল কলিতা, নিপন কলিতা, অসীম ডেকা, ভাৰতীয় পাৰ্টীৰ ভৰলুমুখ মণ্ডলৰ সভাপতি হিৰেন মেধী, বি জে পি ৰ জ্যেষ্ঠ নেতা ক্ৰমে অশোক ভৰালী, মুকুতা ডেকা অকনি দেৱী, পূৰবী ৰয়ৰ লগতে অগপ, বিজেপিৰ বহুতো নেতা কৰ্মী উপস্থিত থাকে৷