পৱিত্ৰ ৰমজান – এহিয়া আহমেদ

পৱিত্ৰ ৰমজান

এহিয়া আহমেদ
বৰথল কছাৰী গাঁও, মৈৰাবাৰী, মৰিগাঁও

ভক্তিৰ খিৰিকীৰে আগমন
পৰম কৰুণাময়ৰ দান;
সৃষ্টিৰ স্ৰষ্টাৰ অশেষ নিয়ামত
পৱিত্ৰ ৰমজান।

পৱিত্ৰ ৰমজানৰ সমস্ত
ইবাদত তথা আৰাধনা;
কবুল কৰিব মহান আল্লাহ
দোৱা আৰু বন্দনা।

এই মাহতে হৈছিল নাযিল
পৱিত্ৰ কোৰআন;
ইবাদত আৰু তিলাৱতত
আযাবৰ পৰিত্ৰাণ।

ৰহমত, মাগফিৰাত আৰু নাজাত
তিনটি ভাগৰ ৰোজা;
চেহেৰী, ইফতাৰ আৰু নামাজ পঢ়ি
কমিব পাপৰ বোজা।

লাইলাতুল ক্বদৰ নামে
আছে পৱিত্ৰ ৰজনী;
ভাগ্য নিৰ্ধাৰণ হয় মু’মিনৰ
আল কোৰআনৰ বাণী।