পৱিত্ৰ ভাদ মাহত হৰি নাম
ছেলিমা বেগম
নগাঁও
অসমীয়া বাৰ মাহ
তাৰ ভিতৰত পৱিত্ৰ ভাদ মাহ ,
হৰি নামেৰে চৌদিশে কঁপাই
আকাশ পাতাল।
নামঘৰত অনুষ্ঠিত হয়
পূজা ধূব-ধূণা চাকি জ্বলাই
ভাদ মাহত জন্মগ্ৰহণ কৰে
মহান পুৰুষ দুজনা ।
একেটা মাহতে গুৰু
দুজনাৰ তিথি পালন কৰে
শঙ্কৰ মাধৱদেৱৰ
হিন্দু ধৰ্মাৱলম্বী সকলে
নাম কীৰ্তন হৰি নাম লৈ
মন্দিৰে মন্দিৰে পৱিত্ৰ ভাদ মাহত।
ভগৱান শ্ৰী কৃষ্ণৰ জন্ম হৈছিল
পৱিত্ৰ ভাদ মাহত
বন্ধ কোঠালিত আবদ্ধ
আছিল দৈৱকী বাসুদেৱ।
ভাদ মাহত চমৎকাৰ কৰি
পিতৃ মাতৃক মুক্তি কৰে
তিনিজনৰ নাম মুখত লৈ
হৰি নামেৰে চৌদিশে
বাজে খোল তাল
মুখত কেৱল হৰি হৰি ।