ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ পৰ্যটন উদ্যোগক বিকশিত কৰাৰ লক্ষ্যৰে শিক্ষকতাৰ দৰে নিশ্চিত আয়ৰ উৎস এৰি পৰ্যটকক লৈ অৰঙে দৰঙে ভ্ৰমণ কৰা যুৱ পৰ্যটন উদ্যোগী লখিমপুৰৰ দেৱজিৎ গগৈৰ(৪৭) আজি পুৱা দেহাৱসান ঘটে। লখিমপুৰৰ এটি শিক্ষামূলক ভ্ৰমণৰ দলক লৈ পহিলা জানুৱাৰীত গোৱালৈ ৰাওনা হোৱা গগৈয়ে গোৱাত উপস্থিত হোৱাৰ সময়তে উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোকত আক্ৰান্ত হয় আৰু লগে লগে গোৱা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে দুদিন পূৰ্বে তেওঁ ষ্ট্ৰোকৰ দ্বিতীয়টো আঘাত পোৱাত সংজ্ঞাহীন হৈ পৰে আৰু আজি পুৱা ৮.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।পৰ্যটনৰ ক্ষেত্ৰখনৰ প্ৰচুৰ অধ্যয়নৰে বিগত কুৰি বছৰে দেৱজিৎ গগৈয়ে সমগ্ৰ দেশতে এক সুসংহত নেটৱৰ্ক গঢ়ি তোলাৰ লগতে লখিমপুৰ জিলাৰ গৰিষ্ঠসংখ্যক শিক্ষানুষ্ঠানৰ শিক্ষামূলক ভ্ৰমণ, তীৰ্থ ভ্ৰমণ ব্যৱস্থাপনা কৰাৰ উপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ্যটকক দেশৰ বিভিন্ন অঞ্চললৈ যোৱাত সহায় কৰি আহিছিল।