পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে অসমত ৫ খন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে যোৱা ১৫ আৰু ২৯ ছেপ্তেম্বৰত সম্পন্ন হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই সেই দুটা দিনত ৰাজ্যৰ পৰীক্ষাৰ্থী সকলৰ পৰীক্ষা কেন্দ্ৰলৈ অহা – যোৱাৰ সুবিধাৰ বাবে ১২ খন বিশেষ পৰীক্ষা ৰেলৰ ব্যৱস্থা কৰিছিল। তেনেদৰে অহা ২৭ অক্টোবৰত অনুষ্ঠিত হবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হবলগীয় পৰীক্ষাৰ্থী সকলৰ অহা – যোৱাৰ সুবিধাৰ বাবে ৰাজ্যৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে ৫ খন বিশেষ ৰেলৰ চলাচলৰ ব্যৱস্থা কৰিছে। এই বিশেষ ৰেল সমূহৰ চলাচল পৰীক্ষাৰ আগদিনা অর্থা ২৬ অক্টোবৰৰ আৰম্ভ হব । উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে ৰেলৰ সূচী অনুসৰি চলাচল কৰিবলগীয়া বিশেষ ৰেলকেইখন হল ক্ৰমে – ০৫১০১/০৫১০২ কৰিমগঞ্জ – শিলচৰ – কৰিমগঞ্জ, ০৫১১৯/০৫১২০ মৰিয়নি – নাৰেংগী – মৰিয়নি, ০৫১৩৯/০৫১৪০ হয়বৰগাঁও – গুৱাহাটী – হয়বৰগাঁও, ০৫৪৫৬/০৫৪৫৭ আলিপুৰদুৱাৰ – কামাখ্যা – আলিপুৰদুৱাৰ আৰু ০৫৭৭৯/০৫৬৮০ জামিৰা – শিলচৰ – জামিৰা । ইতিমধ্যে পৰীক্ষাৰ্থী সকলে নিজৰ নিকটবৰ্তী ৰেল ষ্টেচনত খবৰ কৰিলে যাত্ৰাৰ বিতং সময়সূচী জানিব পাৰিব বুলি ৰেল কৰ্তৃপক্ষই জানিবলৈ দিছে।