পৰিৱৰ্ত্তন – অৰুণা গোস্বামী

PC - Pixabay

পৰিৱৰ্ত্তন

অৰুণা গোস্বামী, তিতাবৰ

আঘোনৰ সেমেকা বতাহজাকে
কোবাই গ’ল মোৰ
ৰিহাৰ আঁচলখন ,
পাছলৈ চাই দেখো
সময়বোৰে যেন
মোক খেদি আহিছে ৷
আৰু………………………
সমুখলৈ চাই দেখো
ভৰুণ পথাৰখনি
উদং হৈ পৰিল ,
শূণ্য ভঁৰাল পূৰ্ণ হ’ল
হাঁহি বিৰিঙি উঠিল
কাৰোবাৰ মুখত ৷
আনফালে ক্ষুধাৰ্ত জনতাৰ
আৱেগ ভৰা চাৱনি ,
মহানগৰীৰ পদপথত
কিল্-বিলাই ফুৰা
শিশুহঁতৰ উচুপনি ৷
আৰু নপতা ফুকন,দালালহঁতৰ দপদপনি ,
ক্ষয়িষ্ণু সমাজৰ বিষাদ ভৰা বিননি ৷
নৰকংকালবোৰৰ যেন অট্টহাস্য
কি যে ৰহস্য……………..
পৰিৱৰ্ত্তনৰ ধামখুমীয়াত
সকলো অতীত হৈ যায় ,
আৰু ভৱিষ্যতৰ বাবে
সকলোৱে বাট চায় ৷