পৰাজয়ৰ আনন্দ
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
কাজিবুল আৰু সন্তোষ দুয়ো প্রিয় বন্ধু , সিহঁতে সপ্তম শ্রেণীত পঢ়ে । বিদ্যালয়ৰ সকলোৱে জানে যে সিহঁতৰ বন্ধুত্ব কিমান গভীৰ, এটা মুদ্রাৰ দুটা পিঠি স্বৰূপ। শ্রেণীকোঠাৰ প্ৰথম বেঞ্চত আন যিয়েই নবহক কিয়, সিহঁতে এজনে আনজনৰ বাবে ঠাই ৰখাটো নিত্যকৰ্ম । বিদ্যালয়ত থকাকালীন এনে এটা মুহূৰ্ত নাযায় যে দুয়ো একেলগে নথকাকৈ থাকে । দেহৰ লগত আত্মাৰ যি বান্ধোন অনুৰূপ বান্ধোন সিহঁতৰো। কাজিবুল হৈছে সমাজৰ এক নামজ্বলা পৰিয়ালৰ সন্তান। তাৰ দেউতাক অঞ্চলটোৰ ভিতৰত এগৰাকী মূধাফুটা ব্যৱসায়ী । অভাৱ কাক কয় , সি নাজানে । এতিয়াও সি তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাই।
আনহাতে, সন্তোষ এজন দৰিদ্র পৰিয়ালৰ ল’ৰা। দেউতাকে দিন হাজিৰা কৰি কোনো মতে পৰিয়ালটো পোহপাল দি আছে। কপালৰ ঘাম মাটিত পেলাই ল’ৰাটোক চহৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাইছে। দৰিদ্ৰতাই যেন মেধাৰ ওচৰত হাৰ মানিলে , নামি-দামী বিদ্যালয় । যদিও তাত চহৰৰ বেছিভাগ আঢ্যৱন্ত প্ৰতিপত্তিশীল লোকৰ সন্তানেহে চিট পায় , তথাপিও যেন সন্তোষে সেই ৰেকৰ্ড ব্ৰেক কৰিলে।
ল’ৰাজটোৰ পঢ়া-শুনাৰ খৰচ বহুত বেছি সেয়ে সংসাৰখনৰ হাল ধৰিবলৈ দেউতাকৰ লগতে মাকেও লোকৰ ঘৰে ঘৰে বাচন-বর্তন ধোৱাৰ পৰা আদি কৰি সকলোবোৰ কামেই কৰে ; তাৰ বিনিময়ত খুবেই কম পাৰিশ্ৰমিক পায় যদিও দৈনন্দিন প্ৰয়োজনবোৰ কোনোমতে পূৰাব পৰাকৈ চলি যায় । তেওঁলোকে আশা বা সপোনৰ পম খেদি নাযায় । কাৰণ আজিৰ যুগত যি হাৰে বস্তুৰ মূল্য বৃদ্ধি হৈছে, তেনে ক্ষেত্ৰত আশা – সপোনবোৰ বাস্তাৱায়িত কৰাটো দূৰৰে কথা মৌলিক প্ৰয়োজনবোৰ পূৰণ কৰাটোৱে দুৰূহ হৈ পৰিছে। কোনোমতে প্ৰয়োজন পূৰণ হ’লেও সপোনবোৰ একেবাৰে পূৰ্ণ হৈ নাযায় , ই বোৱতী নৈৰ দৰে গতিশীল। কোনোকালে ইয়াৰ অন্ত নাই । দিনে দিনে আশা – সপোনৰ ঠাল – ঠেঙুলি বাঢ়ি থাকে । সেয়ে নোপোৱাৰ বেদনাত ছটফটাই থকাতকৈ পোৱাখিনি লৈয়ে পৰম আনন্দৰে জীয়াই থাকিবলৈ প্ৰয়াস কৰে । সন্তোষেও বুজি পায় দৰিদ্ৰতাই বিধ্বস্ত কৰা জীৱনটোৰ জীয়া কাহিনীবোৰ । কিয়নো সৰুৰে পৰাই সি অভাৱৰ লগত ঘনিষ্ঠ। মাক- দেউতাকৰ কষ্ট সি বুজি পায় । বয়সে নহ’লেও পৰিস্থিতিয়ে তাক এই ফুল কোমলীয়া বয়সতে অধিক পৰিপক্ক কৰি তুলিছে।
দুয়োৰে মাজত আকাশ – পাতাল পার্থক্য থকা সত্ত্বেও যেন কাজিবুলৰ মনত অকণো হিংসা নাই । ধনী-দুখীয়াৰ ভেদাভেদৰ নিকৃষ্ট ধাৰণাৰ বীজটো এতিয়াও তাৰ হৃদয়ত অংকুৰিত হোৱা নাই। সেয়ে তাৰ মনটো একেবাৰে নিষ্পাপ হৈ আছে, ঠিক বোকাত পুষ্পিত পদুম ফুলপাহৰ দৰে । বৰ অমায়িক ল’ৰা সি , অন্তৰখন একেবাৰে তপ্তকাঞ্চন – বৰ্ণৰ ।
সি সদায় গাড়ীৰে বিদ্যালয়লৈ অহা-যোৱা কৰে, অন্যহাতে সন্তোষে খোজকাঢ়িয়ে আহে। কেতিয়াবা দেউতাকে সময় পালে কেৰ্ মেৰ্ শব্দ কৰা সেই চাইকেলখনেৰে দি আহেগৈ । সেইদেখি লগৰ কেইজনমানে তাক দেখিলেই মুখেৰে ‘কেৰ..মেৰ , কেৰ..মেৰ ‘ শব্দ কৰি ইতিকিং কৰে। কাজিবুলৰ কিন্তু খং উঠে । সি প্রতিবাদী হৈ উঠে। সন্তোষৰ অপমান তাৰ কদাপি সহ্য নহয় । বিদ্ৰূপৰ বাণে সন্তোষৰ অন্তৰখন কুটি কুটি খায় যদিও তাৰ বহিঃপ্ৰকাশ নকৰে । কিয়নো ধৈৰ্য্যৰ সীমা তাৰ গগনচুম্বী । কষ্টত বুকুখন ফাটিলেও মুখ নুফুটে । পৰাপক্ষত সি মৌনতাকে বৰণ কৰে । মনোকষ্ট দিয়া দিশবোৰ এৰাই চলাতো তাৰ এক দক্ষতা বুলিয়ে ক’ব পাৰি। অযথা আনৰ কথা কৰ্ণগোচৰ কৰি বেদনাৰে ভাৰাক্ৰান্ত হোৱা তাৰ স্বভাৱ নহয়। হেজাৰ- দুখ কষ্ট থাকিলেও ওঁঠ দুটিত বাধ্যতামূলক হাঁহি এটা বিৰিঙাই ৰাখে। কাজিবুলে কিন্তু তাৰ চকুৰ ভাষাবোৰ বুজে । সেয়ে পার্যমানে সি সহায়ৰ হাতখন আগবঢ়াই দিয়ে। বহী-পেঞ্চিলৰ পৰা আদি কৰি সকলো ক্ষেত্রতে সহায় কৰে।সন্তোষে অনীহাসত্ত্বেও তাৰ সহায়বোৰ মূৰ পাতি লয় ; কেৱল বন্ধুত্বৰ খাতিৰত। দুখীয়া হ’ল বুলিয়ে যে আনৰ আগত হাত পেলাব তেনে স্বভাৱৰ নহয় । পিতৃ- মাতৃৰ স্বাভিমানৰ লগতে নিজৰ আত্মসম্মান বজাই ৰখাত সি দৃঢ়তৎপৰ । কিন্তু কাজিবুলৰ ক্ষেত্ৰত তাৰ এক দুৰ্বলতা আছে। সি তাক কোনো ক্ষেত্ৰতে অস্বীকাৰ কৰিব নোৱাৰে ।
হঠাতেই কাজিবুলৰ মনত পৰিল । কাইলৈৰ পৰা বিদ্যালয়ত ‘বিদ্যালয় সপ্তাহ’ আৰম্ভ হ’ব । সি সন্তোষক ক’লে।
: ঐ , কাইলৈ পৰা ক্লাচ নহয় যিহেতু তই বেগটো লৈ নাহিবি। ইমান দূৰৰ পৰা খোজকাঢ়ি অহা-যোৱা কৰা…!
: অকে, ডিয়াৰ ফ্ৰেণ্ড।
: অকে, ডিয়াৰ ফ্ৰেণ্ড।
শ্ৰেণীকোঠাত সকলোৰে মনত অপাৰ আনন্দ । এই বয়সত খেল-ধেমালিতো সিহঁতৰ বাবেই। পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে শাৰীৰিক ক্ৰিয়া- কলাপো ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজন। তেতিয়াই টং টং কৈ ছুটীৰ বেল বাজিল। শ্ৰেণীকোঠাৰ পৰা সকলোৱে শাৰী পাতি ওলাই গ’ল।
: বাই বাই সন্তোষ , ছী ইউ ।
: অকে , গুড্ বাই । ছেম টু ইউ কাজি।
: বাই বাই সন্তোষ , ছী ইউ ।
: অকে , গুড্ বাই । ছেম টু ইউ কাজি।
সাপ্তাহিক খেল – ধেমালিৰ আজি প্ৰথম দিন । প্ৰতিযোগিতা হিচাপে আজি আউট ড’ৰ গেম । দৌৰ, লং জাম্প- হাই-জাম্প ইত্যাদিবোৰ খেলত ইচ্ছানুসৰি প্ৰত্যকেই অংশগ্ৰহণ কৰিলে। পাছদিনাখন ইনড’ৰ গেম, এনেকৈয়ে সপ্তাহজুৰি নানান খেল-ধেমালি চলি থাকিল।
চতুৰ্থ দিনা ক্রিকেট খেল। সপ্তমমান আৰু অপ্তম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত । ইতিমধ্যেই দল বনোৱা হ’ল । এটা দলৰ দলপতি কাজিবুল, আনটো দলৰ দলপতি অষ্টম শ্ৰেণীৰ মহিম বৰা । অনিচ্ছাসত্বেও সিহঁতে পৰস্পৰ বিৰোধী দলত যোগদান কৰিলে । খেল আৰম্ভ হ’ল । দুই বলৰ পিছতেই কবিৰ আউট হ’ল । এনেকৈ ৯৮ ৰাণ কৰি সিহঁতৰ দলটো ৰাণ আউট হ’ল ।
দ্বিতীয় দলে ৯৮ ৰাণ ৰেটেৰে বেটিং আৰম্ভ কৰিলে । খেল আৰম্ভ হোৱাৰ পৰাই কাজিবুলে লক্ষ্য কৰিছিল সন্তোষৰ ভৰিৰ জোতাযোৰৰ ডবল চিলাই ছিঙি কেঞা আঙুলিটো ওলাই পৰা ঘটনাটো। এজন দুজনকৈ ন জন খেলুৱৈ আউট হ’ল । জয়ী হ’বলৈ কেৱল দুই অভাৰত দহ ৰাণৰ প্ৰয়োজন । দলপতিয়ে সন্তোষক প্ৰথমতে বেটিঙ কৰিবলৈ দিয়া নাছিল। এজন কম হ’লে দলটো পূৰ্ণ নহয় বুলিহে তাক পানীমেটেকাৰ দৰে দলত ৰাখিছিল ।
অৱশেষত উপায়ন্তৰ হৈ দলপতি নিজেই তাক ‘অল দা বেষ্ট ‘ কৈ খেলপথাৰলৈ পঠিয়াই দিলে। এতিয়া দলৰ শেষ ভৰষা তাৰ ওপৰতেই। ভয়ত তাৰ মুখখন শেঁতা পৰি গ’ল । ইফালে জোতাযোৰ… সি কঁপি কঁপি ফিল্ডলৈ যোৱাৰ সময়ত কাজিবুলে তাক ইংগিতেৰে মাতিলে । কোনোও নেদেখাকৈ তাৰ জোতাযোৰ সন্তোষক পিন্ধাই দি পিঠিখনত চপৰিয়াই” অল দা ভেৰি বেষ্ট মাই ডিয়াৰ ফ্ৰেণ্ড, ড’ণ্ট ৱৰি .. গো এহেড ” কৈ যাবলৈ দিলে। প্ৰথম বলতেই সি ছয় কোবালে । সকলোৰে হাত চাপৰিৰ গুঞ্জনত খেলপথাৰতখন মুখৰিত হ’ল। সকলোৰে অদ্ভুতপূৰ্ব সঁহাৰিয়ে সন্তোষৰ হেৰাই যোৱা মনোবল দুগুণ কৰিলে । দ্বিতীয় বলত প্ৰচণ্ড জোৰেৰে কোবাই আকৌ ৯০ ডিগ্ৰী এংগেলত ছিক্সৰ বাউণ্ডেৰী পাৰ কৰিলে । লগে লগে সকলোৰে ঐশ্বর্যৰ সীমা নাইকীয়া হ’ল.. দলৰ প্ৰত্যেকেই আনন্দত চিঞৰি আহি সন্তোষক কান্ধত তুলি জয়ৰ আনন্দ উপভোগ কৰিলে। এই ফালে কাজিবুলৰ দলে পৰাজয় হ’ল যদিও তাৰ মুখত পৰাজয়ৰ চাপ নাই বৰঞ্চ সি সন্তোষৰ জয়ত নথৈ আনন্দিতহে হৈছে। সি যেন হাৰিয়ো জয়ী হোৱাৰ আনন্দ উপভোগ কৰিছে। সন্তোষে দৌৰি আহি কাজিবুলক আলিংগন কৰিলে । দুয়োৰে কান্ধত সুখৰ লোতক নিগৰিছিল ।