পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰে গোলাঘাট এছ. বি. আই লাইফৰ এল. এম. সমাৰোহ সম্পন্ন
মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- কিছুমান সামাজিক কামেৰে গোলাঘাট এছ. বি. আই লাইফে সমাজত লাহে লাহে জনপ্ৰিয়তা অৰ্জন কৰিছে। অলপতে শাখা পৰিচালক নিপন বৰাৰ নেতৃত্বত মাতৃ দিৱস আৰু পিতৃ দিৱস পালন কৰিছে। এই দিৱস দুটাত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট মাতৃ আৰু পিতৃক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। গোলাঘাট এছ. বি. আই লাইফ শাখাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত সময়ে সময়ে আৰ্ট, কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰি আহিছে । এইবাৰো যোৱা 22 জুন,2024 তাৰিখে এখনি উচ্চ পৰ্যায়ৰ পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰে এল. এম. সমাৰোহ হোটেল বৰগছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়, ইয়াৰ লগতে জনসাধাৰনে সঞ্চয়, বিমাৰে কিয় নিজকে তথা পৰিয়ালক সুৰক্ষিত কৰিব লাগে আৰু কেনেকৈ এই কাম কৰিব পাৰি তাৰ বিস্তৃত আলোচনা হয়। এই আলোচনাত ভাগ লয় আঞ্চলিক প্ৰবন্ধক সঞ্জীৱ কেওত আৰু শাখা প্ৰবন্ধক নিপন বৰাই। উল্লেখযোগ্যযে উক্ত সাজপাৰ প্ৰতিযোগিতাত ক্ৰমে প্ৰথম স্থান নন্দিতা শইকীয়া, দ্বিতীয় জেনিম মেহতাব আৰু তৃতীয় স্থান দীপাঞ্জলি শৰ্মাই লাভ কৰিবলৈ সক্ষম হয়। চিত্রৰঞ্জন মহন্তই আঁত ধৰা প্ৰতিযোগিতা খনত বিচাৰক হিচাবে থাকে বিশিষ্ট নৃত্য শিল্পী সম্প্ৰীতি কৌশিক । ইয়াৰ পূৰ্বে আৰোহণ কাশ্যপ বৰাই ‘মাইণ্ড পাৱাৰ’ মেজিক পৰিবেশন কৰে।সভাখনত প্ৰতিজন গোট পৰিচালিকে গঠন মূলক মন্তব্য আগবঢ়ায় আৰু সভাৰ সমাপ্তিত চিত্রৰঞ্জন মহন্তই শলাগৰ শৰাই আগবঢ়ায়।