প্ৰেম
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী,বৰপেটা
প্ৰেম অন্তৰৰ কৃষ্টি
প্ৰেম ভগৱানৰ সৃষ্টি
প্ৰেমত গ্ৰহবোৰ ঘূৰে
প্ৰেমত কঁহুৱা ফুল উৰে।
প্ৰেম এক স্বৰ্গীয় অনুভূতি
প্ৰেম এক সহজাত প্ৰবৃত্তি
প্ৰেমৰ বাবেই যৌৱন বৃষ্টি
প্ৰেমৰ বাবেই জীৱৰ সৃষ্টি।
প্ৰেমৰ বাবেই জনম তুষ্টি
প্ৰেমৰ বাবেই কালৰ দৃষ্টি
প্ৰেমত ঘূৰিছে ভূমণ্ডল
প্ৰেমত ফুলিছে শতদল।
প্ৰেমত গছৰ ফল সৰে
প্ৰেমত ডাৱৰবোৰ লৰে
প্ৰেমত চৰায়ে গীত গায়
প্ৰেমত নদীৰ স্ৰোত বৈ যায়।
প্ৰেম বিহীন জীৱনত নাপায় নিবৃত্তি
প্ৰেম বিহীন অন্তৰ মৰুভূমি ৰূপান্তৰ।