প্ৰেম এক হৃদয়স্পৰ্শী আৱেগ- অনুপম ভৰালী

Pc Freepik

প্ৰেম এক হৃদয়স্পৰ্শী আৱেগ

”প্ৰেম বিহীন জীৱন শলিতা নোহোৱা চাকি ৰ দৰে “মহাত্মা গান্ধীয়ে কৈছিল । প্ৰেম হ’ল এক মধুৰ শব্দ।প্ৰেম ৰ সুবাস যুগে যুগে প্ৰবাহিত।প্ৰেম আজীৱন অমৰ । প্রেম এক বুজাব নোৱাৰা শক্তি, মানসিক প্রশান্তিৰ মহৌষধ।এক স্বৰ্গীয় অনুভূতিৰে যুগে যুগে হৃদয়ত বৈ আহিছে প্রেমৰ ভাষা তাৰ বাবেই প্ৰতিবছৰে উদযাপিত হয় ভেলেণ্টাইন ডে’ অৰ্থাৎ প্রেমৰ দিন।৭দিনৰ বিশেষ প্ৰেমৰ এই দিন কেইটা সকলোৰে প্ৰিয়। প্ৰেম ৰ অনুভুতি বোৰ সচাকৈয়ে বৰ প্ৰিয় । প্ৰেম ক এৰাই কোনো ও জীৱন অতিবাহিত কৰিব নোৱাৰে। আতৰি থাকো বুলিলেও সকলোকে বাধ্য কৰাই প্ৰেমৰ বাবে । কল্পনা প্ৰৱণ মন ,সুখ-দুখ ৰ আনন্দ, সৃষ্টিৰ উৎস এই প্ৰেম । উচিত সুযোগ ,সুবিধা,সময় ,উপযুক্তপৰিৱেশ আৰু বয়সে কিছু কিছু ব্যাঘাত জন্মালেও এই প্ৰেম ৰ সুগন্ধি ৰ ব্যক্তিক আতৰাব নোৱাৰে। প্ৰেমে সময়ে সময়ে বিপদত পেলালেও আমাৰ জীৱনৰ এক অপৰিহাৰ্য শব্দ ই । প্ৰেমৰ বাবে বিভিন্ন সমস্যা আৰু ঘটনা পৰিঘটনাই সমাজ ,দেশত বিৰূপ প্ৰভাৱ পেলাইছে । প্ৰেম যিমানে ভাল সিমানেই বেয়াও ই বিপদ মাতি আনিব ও পাৰে । ইয়াৰ অন্যতম ভয়াৱহ শংকিত আত্মা হত্যা ও ইয়াৰ বাবে সংঘটিত হোৱা দেখা যায় । প্ৰেম দুটি আত্মাৰ মিলন । প্ৰেম জনমে জনমে । প্ৰেম সচাকৈয়ে আহ্লাদিত । ইয়াৰ বৰ্ণনা কথাৰে কৈ শেষ কৰিব নোৱাৰি ।

অনুপম ভৰালী
দিখৌমুখ,শিৱসাগৰ