প্ৰেম – ইলা ভৰালী ডেকা

PC - Wallpaper Flare

প্ৰেম

ইলা ভৰালী ডেকা

প্ৰেমত ঘুৰিছে ভূমণ্ডল
প্ৰেমত ফুলিছে শতদল
প্ৰেম জানো কোনোবাই কৰো
বুলি কৰে ।
প্ৰেম ঈশ্বৰৰ অলৌকিক দান ।
গোপনে গোপনে
চকুৰ পলকত
হোৱা এটি মিঠা অনুভৱ ।
সঁচা হৃদয়ে
বুজি পায়
মনৰ ভাষা ।
তোমাৰ নীলা চকুজুৰিয়ে
ভিৰৰ মাজতো
জুমি জুমি বিচাৰি ফুৰিলে
বুকুত গাজনি মাৰে ।
দুখনি হিয়া এখন হোৱা
নিৰৱে বৈ অহা প্ৰেম ।