প্ৰেমৰ দুৰ্ভাগ্য
দীপক ৰায় ,
আগমনী, ধুবুৰী
আহ! প্ৰেমৰ সুদিন
কৰ’বাত হেৰাল
এইয়াতো দুৰ্দিন….. |
ৰাতি হ’লেই ৰতি জাগে
মতিৰ ভ্ৰম ঘটে
ভাদমহীয়া কুকুৰ এটাই জাপ মাৰি উঠে
ভোগৰ লালসাত ভুক – ভুকাই গৰজি উঠে |
এদিন ৰাতি চুমিৱ চৰণ
এদিন আকৌ সেইয়াই ধৰ্ষণ কাৰণ মৰণৰ..
প্ৰেমিকাৰ চকু বন্ধ
বুকু উঠন্ত তাৰেই ওপৰত দানৱে কৰে নৃত্য
হায়! প্ৰেম, তোমাৰ চহৰত তুমিয়েই মৃত |