প্ৰেমৰ দিৱস: ভেলেণ্টাইন ডে
নাচিমা য়াচমিন ,বিশ্বনাথ চাৰিআলি
ভেলেণ্টাইন ডে অৰ্থাৎ প্ৰেমৰ দিৱস, বছৰৰ ফ্ৰেব্ৰুৱাৰী মাহৰ চৈধ্য তাৰিখে সমগ্য দেশতে প্ৰেমিক প্ৰেমিকাৰ মাজত পালন কৰা হয়। সাত দিনীয়া বিভিন্ন কাৰ্যসূচীৰে এই প্ৰেমৰ উৎসৱ পালন কৰা হয়। তাৰে ভিতৰত ক্ৰমে ৰ’জ ডে, প্ৰস্তাৱ দিৱস, চকলেট দিৱস, তেডি দিৱস, প্ৰতিশ্ৰুতি দিৱস, আলিংগন দিৱস, আৰু চুম্বন দিৱস।
এই প্ৰেমৰ দিৱস, ভেলেণ্টাইন ডেৰ ইতিহাস অধ্যয়ন কৰিলে জনা যায় যে, এসময়ৰ ৰোমৰ ৰজা ক্লাউডিয়াছে প্ৰেমৰ বিৰোধিতা কৰিছিল। প্ৰেম বিবাহ তেওঁৰ ৰাজ্যত একেবাৰেই বন্ধ আছিল। খ্ৰীষ্টাব্দ ২৭০ ত ৰোমত এজন চেইন্ট ভেলেণ্টাইন নামৰ এজন সাধুলোকে ৰজাৰ বিৰোধিতা কৰি মুকলি মনে প্ৰেমৰ প্ৰচাৰ চলাইছিল আৰু বহু প্ৰেম বিবাহ সম্পন্ন কৰাইছিল। যাৰ শাস্তি স্বৰূপে তেখেতক মৃত্যুদণ্ড প্ৰদান কৰা হৈছিল। সেই দিনটো আছিল ফেব্ৰুৱাৰী মাহৰ চৈধ্য তাৰিখ। তেতিয়াৰে পৰা ৰোমত ১৪ ফেব্ৰুৱাৰী তাৰিখত ভেলেন্টাইন ডে হিচাপে পালন কৰি আহিছে। ভেলেণ্টাইনে প্ৰেমৰ প্ৰচাৰৰ বাবে নিজৰ জীৱন ত্যাগ কৰিব লগা হৈছিল বুলিয়েই তেখেতৰ স্মৃতিত এই দিৱস পালন কৰা বুলি কোৱা হয়।
তাহানিৰে পৰা প্ৰেমিকযুগল সকলে এই প্ৰেমৰ সপ্তাহটিলৈ অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে।
বহুতে এই দিনত নিজৰ মনৰ গভীৰত থকা গুপ্ত অনুভূতি সমূহ প্ৰকাশ কৰিবলৈ সাহস কৰি প্ৰেম নিবেদন কৰে।
প্ৰেমিক প্ৰেমিকা সকলে প্ৰেমৰ দিনটো চিৰস্মৰণীয় কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰে উদ্ যাপন কৰে। ফাগুনৰ আঁচল ধৰি এই প্ৰেমৰ উৎসৱে ল’ৰা -ছোৱালীৰ মনত যৌৱন উতলা কৰে। ফাগুনৰ পছোৱা জাকে সকলোৰে মনত প্ৰেমৰ জোৱাৰ তুলি যায়। প্ৰেম জীৱনৰ চালিকা শক্তি। হৃদয়ৰ গোপন অনুভূতিৰ ফল। প্ৰেমে কেতিয়াবা আনি দিয়ে প্ৰাপ্তিৰ বতৰা, কেতিয়াবা আনি দিয়ে দুখৰ গধুৰ বোজা। কেতিয়াবা আনি দিয়ে পূৰ্ণতা, আন কেতিয়াবা শূণ্যতা। সকলো ভাল বেয়াৰ মাজতো প্ৰেমৰ দিৱস সকলোৱেই পালন কৰি আহিছে।
কিন্তু বৰ্তমান সময়ত এই সুন্দৰ দিনটো কলংকিত কৰিবলৈ যুৱ প্ৰজন্মই উঠি পৰি লাগিছে। এই দিৱসৰ প্ৰকৃত মহত্ব পাহৰি পেলাইছে। কেৱলমাত্ৰ কামনা বাসনাৰ ঘ্ৰাণত এই পৱিত্ৰ প্ৰেমৰ দিৱস ডুব গৈছে।
ভেলেণ্টাইন ডে আহি আছে বুলি কিছুমান ল’ৰা -ছোৱালী বোৰে নিজৰ নিজৰ সংগী বিচাৰি প্ৰেমৰ অভিনয় কৰে আৰু ১৪ ফেব্ৰুৱাৰীত এই দিনটো পালন হয় কেৱল বন্ধ কোঠালীৰ মাজত। প্ৰেমৰ সপ্তাহ উকলি যোৱাৰ লগে লগে সেই প্ৰেমৰো ইতি পৰে। বিচ্ছেদৰ তালিকাত অন্তৰ্ভূক্ত হৈ পৰে।
সঁচাকৈয়ে আধুনিকতাৰ প্ৰেক্ষাপটত মানু্হবোৰ একো একোটা যন্ত্ৰৰ দৰে হৈ পৰিছে। আৱেগ অনুভূতিৰ যেন কোনো মূল্য নোহোৱা হৈ পৰিছে। কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণেহে সকলোৱে ওচৰ চাপি আহে। স্বাৰ্থ শেষ হোৱাৰ লগে লগে সকলো অচিনাকী হৈ পৰে।
ভেলেণ্টাইন ডে ইতিহাসৰ ক্লাউডিয়াছৰ বলিদানক অপৱিত্ৰ কৰা অনুচিত। লগতে প্ৰেমক অপৱিত্ৰ কৰিব নালাগে। প্ৰেম ভালপোৱা হ’ল স্বৰ্গীয় অনুভূতি। ঈশ্বৰৰ বৰদান স্বৰূপ। ইয়াক কেৱল বন্ধ কোঠালীৰ মাজত আৱদ্ধ নাৰাখি সন্মান কৰা উচিত। প্ৰেমহীন জীৱন সকলোৱেই হয়তো জীয়াব পাৰিব কিন্তু সুখী হ’ব নোৱাৰিব ।