প্ৰেমৰো এদিন মৃত্যু হয় – বিপিন টায়ে

PC - Depositphotos
প্ৰেমৰো এদিন মৃত্যু হয় 
বিপিন টায়ে, ধেমাজি
উৰি ফুৰা মনটো আজি
সঁজাৰ মাজতেই বন্দী ।
নাই কোনো মোৰ আপোন লগৰী।
কাৰোবাৰ পৰা মৰম অকন খুজি খুজি
হৈ গৈছিলো মই প্ৰেমৰ ভিক্ষাৰী ।
“জংকী-পানৈ”ৰ কথা শুনিলোঁ
সঁচা প্ৰেমৰ অৰ্থ বিচাৰি;
শুনিলো আধুনিকতাৰ প্ৰেমৰ কাহিনী।
শেষত গ’ম পালোঁ প্ৰেমৰো এদিন মৃত্যু হয়,
থাকি যায় বিষাদ ভৰা এটি ভগ্ন হৃদয়।
আজীৱন একেলগে থকাৰ
প্ৰতিশ্ৰুতি দিয়া জনো
এদিন অচিনাকি হৈ যায় ।
সেই ৰঙা গোলাপ ফুলপাহিও
এদিন শুকাই যায়।
মাথোঁ ৰৈ যায় এটি স্মৃতি হৈ; এটি সপোন হৈ।