প্ৰেমিক
ভাস্কৰ প্ৰিয়ম হাজৰিকা,
কৰচুং সত্ৰ
কৰচুং সত্ৰ
প্ৰেমিকবোৰ শাওণৰ সেউজীয়া বুকুত বৈ অহা
এক সজল আশাৰ স্বপ্নৰ আলোকিত কাহিনী।
প্ৰেমিকৰ বুকুত শিপাই মৌনতা আশাৰ বীজ
নতুবা, অকৃত্ৰিম নতুনত্ব সৃষ্টিৰ ৰেখা।
প্ৰেমিকবোৰ একো একোজন শিল্প
সাধনাৰ সীমাৰেখা বুকুত জী উঠা এক ভাস্কৰ্য।
প্ৰেমিকবোৰৰ হৃদয়খনে বিচাৰে
সেউজীয়াৰ গোন্ধ নতুবা আকাশ আৰু জোনাকৰ সংজ্ঞা।
তৰাবুলীয়া হাঁহিত জী উঠে হেৰাই যাব খোজা কাহিনীবোৰ
প্ৰেম মানে স্বৰ্গীয় নতুবা সৃষ্টিৰ আদিপাঠ।
প্ৰেমিকবোৰ কেতিয়াবা অসুখত পৰে
চলনাময়ী এচাম অপ্ৰেমিকৰ বাবে।
যদি ধ্বংস কোলাহলত তুমি জন্ম হৈছা
প্ৰেমিকবোৰক কিয় বদনামী কৰিছা।
প্ৰেমিকৰ বুকুত অকল ফাগুন নাথাকে
নতুবা, বাৰিষা বানত উটি যোৱা চকুপানীবোৰ।
প্ৰেমিকে বুকুত কঢ়িয়াই বসন্তৰ প্ৰাপ্তিৰ ঠিকনা
আকাশ আৰু নদীৰ সংজ্ঞা।
প্ৰেমিকবোৰ কেতিয়াবা অসুখত পৰে
ধনৰ মূল্যৰে হৃদয়ৰ নিলাম দেখি।
প্ৰেমিকবোৰৰ হৃদয়খন সুখৰ নদীখনৰ দৰে
সাধনাৰ বুকুত ভাঁহি অহা এটা ঐনিতমৰ সুৰ।
প্ৰেমিকবোৰক বদনামী নকৰিব
ফুলৰ উশাহবোৰ এদিন হেৰাই যাব
নতুবা, অকৃত্ৰিমতাৰ বুকুত জী উঠা
সেউজীয়াৰ কাহিনীবোৰ।