প্ৰাপ্তিৰহাঁহি – নাচিমা য়াচমিন

Pc New Scientist
প্ৰাপ্তিৰহাঁহি

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি 

: ঐ ছোৱালী, অথনিৰে পৰা মাতি আছোঁ শুনি পোৱা নাই? আৰে ৰহ্ চোন… এইজনী.. বলিয়া কুকুৰে কামোৰিছে নি কিবা?
: হাত এৰক মোৰ… মানুহবোৰে চাই আছে..
: আৰে, চালে চাই থাকিব দে.. মই কাকো খাতিৰ নকৰোঁ.. এই ৰাজুৱে  তোৰ বাহিৰে কোনো প্ৰাণীক ভয় নকৰে।
: আপুনি খাতিৰ নকৰে নাই, কিন্তু মই কৰোঁ…আপোনাৰ দৰে ৰাস্তাত গুণ্ডামি কৰা মানুহে এইবোৰ বুজি নাপায়।
: বাইকত উঠ কৈছোঁ নহয়। মোক জুকাই নল’বি.. ভালদৰে বহি কথা পাতিম.. ব’ল.. আমাৰ প্ৰিয় ঠাইখনলৈ যাওঁ।
: আপোনাৰ লগত মোৰ একো কথা নাই, মোক এৰি দিয়ক।
: চা জান, মোৰ খং উঠাই নল’বি।  এনেই বাপেৰে মানুহ পঠিয়াই মাথাটো আধা নষ্ট কৰি থৈছেই।জীয়েৰে গোটেইখন  নষ্ট নকৰিবি এতিয়া।
: কি পাপাই মানুহ পঠিয়াইছে..?
: ব’ল চব কৈ আছোঁ..আৰু শুন, তোৰ বাপেৰে যদি  দুটামান মানুহ পঠিয়াই তোক এৰি দিয়াৰ বাবে ভয় দেখুওৱাব পাৰিব বুলি ভাৱে, এইয়া মূৰ্খামি বাহিৰে আন একো নহয়।
নন্দিনীয়ে আৰু একো নকৈ চিধাই ৰাজুৰ বাইকত উঠি বহিলে। নন্দিনী নজনা নহয় সিহঁত এতিয়া ক’লৈ গৈ আছে,  প্ৰিয় নিৰিবিলি ঠাইখনি,  ৰাজুৰ মন বেয়া হ’লে প্ৰায়ে আহিছিল, সেই সূত্ৰে নন্দিনীৰ লগত পৰিচয়। নৈৰ পাৰৰ শীতল পৰিবেশে মনৰ ভিতৰত থকা সকলো দুখ হতাশাবোৰ নাশ কৰি অলপ সময়ৰ বাবে হ’লেও শান্তি দিয়ে। বাইক খন ৰখাই সিহঁত নৈৰ পাৰত গৈ বহিলে। শীতল মলয়া এজাকে সিঁহতক কোবাই গ’ল। দুয়োজনৰ মাজত মৌনতাই বিৰাজ কৰিছে। ৰাজুয়ে তাইৰ মুখৰ ফালে মাজে মাজে চকু ফুৰাইছে যদিওঁ মুখেৰে একো কোৱাৰ সাহস গোটাব পৰা নাই। নন্দিনীয়ে বহুত ভাৱি চিন্তি ৰাজুৰ হাত দুখনত ধৰি ক’বলৈ ধৰিলে। একপ্ৰকাৰ অনুৰোধ কৰাদি ক’লে;
: মোক কোনোবা দুৰণিৰ ঠাই এখনলৈ লৈ ব’লক না..  মই ভাগৰি পৰিছোঁ, মোৰ আৰু যুঁজিব পৰা শক্তি নাই।
: পাপায়ো বুজিব চেষ্টা নকৰে,আপুনিও জেদ এৰি নিদিয়ে।  দুয়ো ফালৰ হেঁচাত মোৰ জীৱ ওলাই পৰিব এতিয়া..
: ঐ ছোৱালী, কি বকি আছ বে.. মই তোক কোনো কথাত জোৰ কৰিছো আজি লৈকে? তই মোৰ জান হয়, জান, তোক কষ্ট দিব নোৱাৰো মই।
: দিয়ে ..আপুনি মোক কষ্ট দিয়ে, সদায় কষ্ট দিয়ে।মোৰ কলিজাটো খাই মাৰিছে আপুনি।আপুনি বুজি নাপায় কিয় কথাবোৰ?
: তই কি বিচাৰ এতিয়া?
: আৰু কিমান ক’ম আপোনাক, মই কি বিচাৰোঁ..  গুণ্ডামি এৰি দিবলৈ কৈ কৈ মোৰ টেটু শুকাই গৈছে। আপুনি আজিৰ পৰা নকৰোঁ বুলি কয় হয়, কথা ৰাখে জানো?
: মোৰ সন্মুখত দুৰ্নীতি হোৱাটো মই সহ্য কৰিব নোৱাৰোঁ। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো যদি গুণ্ডামি হয়, ঠিক আছে মই গুণ্ডা, বহুত ডাঙৰ গুণ্ডা।
: আপুনিয়েই একমাত্ৰ মানুহ আছে নি অন্যায়ৰ প্ৰতিবাদ কৰা? পুলিছ আছে, দেশৰ আইন কানুন আছে, সিহঁতে চাব নহয়।
: কে…    পুলিছৰ নাম নল’বি… চব একো একোটা,,,,
: চা জান,,  আমি ইয়ালৈ কথা পাতিব আহিছোঁ, এইবোৰ কথাত তৰ্ক কৰিবলৈ অহা নাই।
: বিয়া পাতিব মোক? আজিয়েই, এইমূহুৰ্তত?
: কি কৈ আছ বে ?
: okay fine, মই যাওঁ, মই পাপাৰ মতে বিয়া পাতিবলৈ হা কৰি দিওঁগৈ। আপুনি ভালে থাকিব!
: ঐ ছোৱালী, একে চৰত দুপাৰি খুলি আহিব,,, তই মোৰ মাইকী হয় বুজি পালিনে? বেলেগৰ ফালে ঘূৰিও চালে এই গুণ্ডা ৰাজুৰ অন্য ৰূপ এটা দেখি পাবি,,,
: মোৰ কোনো ৰাজুক নালাগে,,  ৰজত বৰুৱাকহে লাগে। মোৰ বাবে এবাৰ ৰজত বৰুৱা হৈ উঠক না,,গোটেই জীৱন আপোনাৰ দাসী হৈ থাকিম।
: ঐ ছোৱালী, তই দাসী কিয় হ’বি,, তই মোৰ ঘৰত ৰাণীৰ দৰে থাকিবি।ব’ল মোৰ লগত ,,
: ক’ত যাম,,?
: কিয় মন্দিৰলৈ আকৌ,,বিয়া নাপাত’ নি?
: সঁচাই কৈছে?
: yes,,,
জোনাক ৰাতি ৰাজুৰ মানে ৰজতৰ কান্ধত মুৰটো পেলাই নন্দিনীয়ে শান্তিৰে জোনাকৰ সোন্দৰ্য্য উপভোগ কৰিছে।
: শুন চোন ছোৱালী,, মা দেউতাৰ অন্তৰত দুখ দি আমি বিয়া পতাটো জানো ঠিক হৈছে? তেঁওলোকৰ আশীৰ্বাদ অবিহনে আমাৰ নতুন জীৱন আৰম্ভ কৰি সুখী হ’ব পাৰিম নে?
: এটা কথা জানে.. যদি ছোৱালী এজনীয়ে ভালপোৱা জনক এৰি ঘৰৰ মানুহৰ কথা ভাবি তেওঁলোকৰ মতে বিয়া পাতে, সময়ৰ সোঁতত হয়তু তাই নিজকে  সকলোৰে লগত অভ্যস্ত কৰি তুলিব, অকলে কান্দিব, দুখ কৰিব। লাহে লাহে সকলোবোৰ পাহৰি যাবলৈ যত্ন কৰিব। কিন্তু মনৰ এটি কোণত ভালপোৱাৰ স্মৃতিবোৰ থুপ খাই থাকিব,  যিবোৰে তাইক প্ৰতিদিনে তিল তিলকৈ মাৰিব, যিবোৰে মা দেউতাৰ প্ৰতি অলপ  হ’লেও ঘৃণাৰ সৃষ্টি কৰিব, তাইৰ ভালপোৱা প্ৰাপ্তিৰ পথৰ কাঁইট অনুভৱ হ’ব। কিন্তু যদি মা দেউতাৰ কথা অৱজ্ঞা কৰি ভালপোৱাক বাছি লয়, তাই সুখী হ’ব পাৰিব। এদিন মা দেউতাৰ মনৰ ভিতৰত থকা সকলো ক্ষোভ আঁতৰি যাব আৰু তাইক আকোঁৱালি ল’ব। ভালপোৱাৰ লগতে পুনৰ মা দেউতাৰ মৰম লাভ কৰিব। এটা সময়ত গৈ সকলো ঠিক হৈ যাব।
: মা দেউতাৰ বাবেই আমি এইখন সুন্দৰ পৃথিৱীৰ মুখ দেখিব পাৰিছো। নহয় জানো.. মোৰ নিজকে কিবা অপৰাধীৰ দৰে অনুভৱ হৈ আছে।
: শুনক…মা দেউতা ডাঙৰ বুলিয়েই সকলো ক্ষেত্ৰত শুদ্ধ নহ’বও পাৰে…পাপাই নিজৰ স্বাৰ্থৰ বাবে মোৰ বলি দিব বিচাৰিছিল। ৰাজীৱৰ চৰিত্ৰৰ কথা ঘৰৰ মানুহৰ নজনা নহয়। পাপাই জানি বুজি মোক জ্বলন্ত চিতাত তুলিব বিচাৰিছিল।  মোৰ কথা এবাৰো ভাৱি চোৱা নাছিল।নিজৰ অহংকাৰ আৰু লোভক প্ৰধান্য দিছিল।মোৰ সুখৰ মূল্য নাই তেওঁৰ ওচৰত, বিছনেজত উন্নতি হোৱাটোহে বিচাৰিছিল।মই এই ক্ষেত্ৰত অন্ততঃ তেঁওক সমৰ্থন কৰিব নোৱাৰিম। তেঁও এদিন বুজি পাব নিশ্চয়।তেঁও ভুল আছিল আৰু মই শুদ্ধ।
: ঐ ছোৱালী, ব’ল ৰূমলৈ যাওঁ, বহুত ৰাতি হৈছে। মই আছোঁ নহয় তোৰ লগত আৰু সদায় থাকিম। মই জীয়াই থকা লৈকে  কোনেও তোৰ একো ক্ষতি কৰিব নোৱাৰে।  তোৰ কাৰনে মই মৰিবলৈও পাৰিম, আৰু কাৰোবাক মাৰিবলৈও দুবাৰ ভাৱি নাচাও।
: ইমান বেছি ভাল পাই মোক?
: তই কল্পনাও কৰিব নোৱাৰিবি,,
যান্ত্ৰিকতাৰ চহৰৰ  কোলাহলপূৰ্ণ, হিংসাৰে আৱৰা মানুহৰ পৰা আঁতৰি আহি প্ৰেমিক হালে নিৰ্জন ঠাইত জোনাক ৰাতি উপভোগ কৰিছে।  প্ৰিয়জনৰ হাতত হাত, কান্ধত মুৰ ৰাখি জগতৰ যেন সকলো সুখ লাভ কৰিছে। ৰাজুৰ পৰা ৰজত হৈ  উঠি সি নন্দিনীৰ সৈতে এটি  সুন্দৰ সুখী পৰিয়াল গঢ়ি তুলিছে।  ভালপোৱাবোৰ এনেদৰেই বৈ যাওঁক  জীৱন নামৰ প্ৰবাহিণীৰ সোঁতত।