প্ৰাণ প্ৰতিমা বড়াৰ গ্ৰন্থ “ প্ৰৱন্ধ-নিৱন্ধ আৰু মনৰ অনুভৱ’’ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- আশা সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ চতুৰ্থ বাৰ্ষিক অধিবেশনখনি ৬/১০/২০২৪ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত হৈ যায় ৷সভাত উপস্থিত থাকে বিশিষ্ট আতিথি ডা° অঞ্জনজ্যোতি চৌধুৰী, জাৰ্নেলিষ্ট বাৰ্তাৰ মুখ্য সম্পাদক প্ৰভাত চন্দ্ৰ শৰ্মা,’ অনুপমা অঞ্জলী’ ৰ মুখ্য সম্পাদক ড° শেৱালি দাস কলিতা, দৈনিক অগ্ৰদূত কাকতৰ জেষ্ঠ উপ-সম্পাদক প্ৰশান্ত বৰা, “অনুৰাগ’’ আলোচনীৰ মুখ্য সম্পাদক ড° হৰমোহন কলিতা, “অসম প্ৰৱাহ’’ কাকতৰ মুখ্য সম্পাদক প্ৰণতি বৰা , ড° ডালিমী কোঁৱৰ , অধিবক্তা ছত্ৰ দাস , আদিকে ধৰি বিশিষ্ট গন্যমান্য সাহিত্যিকসকলৰ উপস্থিতিত অনুষ্ঠানৰ আৰম্ভণি কৰে বন্তি প্ৰজ্বালনেৰে ৷
বন্তি প্ৰজ্বলন কৰে “আশা সাহিত্য আৰু সাংস্কৃতিক গোট’’ৰ মুখ্য প্ৰশাসিকা শ্ৰদ্ধাৰ অনিতা গগৈয়ে ৷ উক্ত অনুষ্ঠানত গুৱাহাটীৰ লেখিকা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্ৰীমতী প্ৰাণ প্ৰতিমাৰ বড়াক “ সাহিত্য সাধনা বঁটা ২৪’’ প্ৰদান কৰা হয় ৷