প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰক
জুবিনদাৰ ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে পোষ্ট মেল’নৰ কনছাৰ্ট স্থগিত ৰখাৰ দাবী; কনছাৰ্টৰ টকাৰে নিৰ্মাণ কৰক জুবিন গাৰ্গ সাংস্কৃতিক বিশ্ববিদ্যালয়
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক মৰোণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰিবলৈ অসম জাতীয় পৰিষদে যোৱা ২১ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি দাবী উত্থাপন কৰিছিল।প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত অসম জাতীয় পৰিষদৰ ফালৰ পৰা কোৱা হৈছিল যে জুবিনদা কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ ভাৰতৰে একক আৰু অনন্য সম্পদ আছিল। তেখেতৰ কণ্ঠ আছিল সমগ্ৰ ভাৰতৰ ভিতৰত অদ্বিতীয়। তেখেতৰ দৰে ৪০টা ভাষাত ৩৪ হেজাৰ গান গোৱা কণ্ঠশিল্পী সমগ্ৰ ভাৰততে বৰ কম আছে। তেখেতে মানৱতাৰ গান গাইছিল, ভালপোৱাৰ কথা কৈছিল, দেশজুৰি সমন্বয়ৰ সেঁতু গঢ়িছিল। যিসময়ত সাম্প্ৰদায়িক তথা গোষ্ঠীগত বাদ-বিবাদ সমগ্ৰ দেশৰ সাতামপুৰুষীয়া একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতি প্ৰত্যাহ্বান হৈ দেখা দিছে, সেই সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ আদৰ্শই কেৱল অসম তথা উত্তৰ পূৰ্বাঞ্চলেই নহয়, সমগ্ৰ ভাৰতজুৰি সমন্বয়ৰ সেঁতু হিচাপে কাম কৰিছে।সেয়েহে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰোণোত্তৰভাৱে ২০২৫ চনৰ ভাৰতৰত্ন সন্মান প্ৰদান কৰিবলৈ আজি অসম জাতীয় পৰিষদে পুনৰ দাবী উত্থাপন কৰে।উল্লেখযোগ্য যে কলা, সাহিত্য, বিজ্ঞান আৰু জনসেৱা খণ্ডত উৎকৃষ্ট আৰু ব্যতিক্ৰমী সেৱা আগবঢ়োৱা ব্যক্তিলৈ ভাৰতৰ সৰ্বোচ্চ এই চৰকাৰী সন্মান প্ৰদান কৰা হয়। জুবিনদাই তেওঁৰ জীৱন কালত কলা, সাহিত্য আৰু জনসেৱাৰ ক্ষেত্ৰত উৎকৃষ্ট আৰু ব্যতিক্ৰমী সেৱা আগবঢ়াই গৈছে – যি ভাৰত ৰাষ্ট্ৰৰ বাবে গৌৰৱৰ বিষয় হোৱাৰ যোগ্য। জুবিনদাই গান আৰু কবিতা লিখাৰ লগতে গান গোৱা, সংগীত পৰিচালনা, কথাছবি পৰিচালনা, প্ৰযোজনা, সামাজিক সংস্কাৰ আদি বহুকেইটা খণ্ডত কাম কৰি গৈছে।ইয়াৰ পূৰ্বে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকালৈ মৰোণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰা হৈছিল।ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ বা আন কোনোবা কাৰ্য্যসূচীৰে দেশবাসীক সম্বোধন কৰোতে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰসংগ উল্লেখ কৰি তেখেতলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ কথাটো উক্ত কাৰ্য্যসূচীতে ঘোষণা কৰিবলৈয়ো আমি দাবী জনাওঁ।আনহাতে প্ৰাণৰ শিল্পীগৰাকীৰ নামত অসমত এখন সংগীত বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰক আহ্বান জনায়। জুবিনদাৰ ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে পোষ্ট মেল’ন ৰ কনছাৰ্ট স্থগিত ৰাখক অহা ৮ ডিচেম্বৰত গুৱাহাটী খানাপাৰা ফিল্ডত পোষ্ট মেল’নৰ সংগীতানুষ্ঠান হ’ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন পূৰ্বে এই ঘোষণা আগবঢ়াইছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁৰ চৰকাৰে অসমত’ কনছাৰ্ট ইকনমি’ৰ সূত্ৰপাত কৰিছে আৰু পোষ্ট মেল’নৰ সংগীতানুষ্ঠানে অসমৰ অৰ্থনীতি বিকশিত কৰিব। কিন্তু অসমত বৰ্তমানে এক শোকৰ পৰিৱেশ বিৰাজ কৰি আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কায়িক দেহাৱসানৰ পিছত সমগ্ৰ ৰাজ্যবাসীৰ লগতে দেশ-বিদেশৰ অগণন জুবিনপ্ৰেমী তথা সংগীতানুৰাগী শোকৰ সাগৰত ডুব গৈ আছে। আনহাতে জুবিনদাৰ ন্যায়ৰ বিষয়টো এতিয়াও এক অস্পষ্ট আৰু বিভ্ৰান্তিকৰ পৰিৱেশৰ মাজত আছে। চৰকাৰে জুবিনদাৰ ন্যায়ৰ প্ৰসংগত জনসাধাৰণৰ দৃষ্টি অন্যফালে ঢাল খুৱাবলৈ (ইছ্যু ডাইভাৰ্ট কৰিবলৈ) চেষ্টা কৰি থকাও পৰিলক্ষিত হৈছে। গতিকে জুবিনদাৰ প্ৰকৃত ন্যায় নিশ্চিত নোহোৱালৈকে পোষ্ট মেল’নৰ সংগীতানুষ্ঠান স্থগিত ৰাখিবলৈ আমি চৰকাৰক আহ্বান জনাওঁ। ৰাজ্যবাসী শোকত দগ্ধ হৈ থকা অৱস্থাত পোষ্ট মেল’নৰ সংগীতানুষ্ঠানৰ দৰে মনোৰঞ্জনমূলক কাৰ্য্যসূচীৰ আয়োজন নিশ্চয় অনুচিত। এয়া প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিও এক অপমান হ’ব। পোষ্ট মেল’নৰ অনুষ্ঠান পতাৰ নামত যিখিনি ধন ব্যয় হ’ব, সেইখিনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত বিশ্ববিদ্যালয় স্থাপন কৰিব পৰা যাব। তাত পোষ্ট মেল’নে ব্যৱহাৰ কৰা বা তাতোকৈ উচ্চ মানৰ বাদ্য যন্ত্ৰ আদিৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিলে অসমতো শ শ পোষ্ট মেল’নৰ জন্ম হব৷
