প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগতো মহানগৰীৰ বামুনীমৈদামস্থিত প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক কাকতৰ কাৰ্যালয়ৰ সন্মুখত পতাকা উত্তোলন কৰা হয় । পুৱা ৮ বজাত প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ফটিকদত্ত গোস্বামীয়ে। আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে প্ৰাগজ্যোতিষ কাকতৰ সম্পাদক শশীপ্ৰভা দাসৰ লগতে পৰিচালন সম্পাদক খগেন শইকীয়াই । উল্লেখযোগ্য যে দেশৰ স্বাধীনতাৰ মহাৰজত জয়ন্তী “আজাদী কা অমৃত মহোৎসৱ”ৰ লগতে “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচীৰ অধীনত মহানগৰীৰ ৰাইজেও বিগত তিনিদিন ধৰি ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনেৰে ব্যাপক উৎসাহ প্ৰদৰ্শন কৰিছে। আনহাতে স্বাধীনতা দিৱস উপলক্ষে আজি প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক গিৰিন্দ্ৰ কাৰ্জীকে ধৰি সত্যধৰ মটক, জ্যেষ্ঠ সাংবাদিক নৱঠাকুৰীয়া,নয়নজ্যোতি তালুকদাৰ,ঈশ্বৰ মহন্তৰ উপৰিও ট্ৰাষ্টৰ সদস্য কৰ্মচাৰী লগতে গুণমুগ্ধ আৰু গণ্য মান্য ব্যক্তি সকলে অংশ গ্ৰহণ কৰে ।