প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্ত
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন সাংসদ তথা দলৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাবে নিযুক্তি প্ৰদান কৰাত আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই আনন্দ প্ৰকাশ কৰি কয় যে এইয়া অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ।এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে দেশৰ মহামহিম ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সভাপতি গৰাকীয়ে দৃঢ় বিশ্বাসেৰে কয় যে অনাগত দিনত ৰমেন ডেকাৰ দূৰদৰ্শী নেতৃত্বত ছত্তিশগড়বাসী জনতাই উন্নয়নৰ দিশত নতুন গতি লাভ কৰিব।উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ এগৰাকী অগ্ৰণী নেতা তথা অসমৰ সু-সন্তান, ৰমেন ডেকাক আন্তৰিক অভিনন্দন যাচি কলিতাই তেওঁৰ আগন্তুক কাৰ্যকালৰ সফলতা কামনা কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰ্যত সমৰ্পিত এক সপ্ৰতিভ যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰে৷লগতে, কলিতাই অসমৰ মহামহিম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্যলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ বলিষ্ঠ নেতৃত্বৰে অসমক আগুৱাই নিবলৈ আদৰণি জনায়৷