প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান

প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰৰ প্ৰাক্তন সাংসদ, বৰ্ষীয়ান কংগ্ৰেছ নেতা, লখিমপুৰৰ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান ৷ নতুন দিল্লীৰ ওখলাৰ ফৰ্টিছ হাস্পতালত চিকিৎসাধীন অৱস্থাতে আজি ৰাতিপুৱা ৯.৩০বজাত ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীয়ে । বিগত কিছুদিন ধৰি বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকী। ইশ্বৰ প্ৰসন্ন হাজৰিকা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু চৰকাৰী কৰ্মচাৰী আছিল । ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেজপুৰ সমষ্টিৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল । ১৯৯৬ চনত ঈশ্বৰ প্ৰসন্ন হাজৰিকা কংগ্ৰেছৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হৈছিল আৰু ১৯৯৮ চনলৈ তেওঁ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ হিচাবে সংসদৰ মজিয়াত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল হাজৰিকাই । মৃত্যুৰ সময়ত দুই পুত্ৰ আৰু কন্যাক ইহসংহাৰত এৰি থৈ যায় ৷