প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অংশুমান গাইকোৱাডৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অংশুমান গাইকোৱাডৰ দেহাৱসান। বুধবাৰে নিশা প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। লণ্ডনৰ কিংছ কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল গাইকোৱাড। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ বাবে তেওঁক এমাহ পূৰ্বে পুনৰ স্বদেশলৈ ঘূৰাই আনিছিল। তেতিয়াৰ পৰাই তেওঁৰ গৃহ চহৰ বৰোদাতে চিকিৎসা কৰি থকা হৈছিল। কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টা বিফল হোৱাৰ পিছত বুধবাৰে নিশা তেওঁৰ মৃত্যু ঘটে। উল্লেখ যে অংশুমান গাইকোৱাডে নিজৰ ২২ বছৰীয়া কেৰিয়াৰত ভাৰতৰ হৈ ৪০খন টেষ্ট আৰু ১৫খন এদিনীয়া আন্তৰ্জাতিক খেলিছিল। ১৯৭৪ চনত কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক ঘটা অংশুমানে ৪০খন টেষ্টত ৩০.০৭ গড়ে ১৯৮৫ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ নামত আছে দুটা শতক আৰু ১০ টা অৰ্ধশতক। সৰ্বাধিক ৰান হৈছে ২০১।ইয়াৰোপৰি এদিনীয়া সংস্কৰণত ২০.৬৯ গড়ে ২৬৯ ৰাণ সংগ্ৰহ কৰিছিল।ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপেও তেওঁ উল্লেখযোগ্য সফলতা লাভ কৰিছিল। তেওঁৰ প্ৰশিক্ষকতাতেই ২০০০ চনত আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰত ৰানাৰ্ছ আপ হৈছিল। ইয়াৰ উপৰিও ১৯৯৮ চনত তেওঁৰ প্ৰশিক্ষকতাত ভাৰতে শ্বাৰজাহত অনুষ্ঠিত প্ৰতিযোগিতাত জয়লাভ কৰিছিল। ১৯৯৯ চনত দিল্লীৰ ফিৰোজ শ্বাহ কোটলাত পাকিস্তানৰ বিৰুদ্ধে অনিল কুম্বলে ১০ উইকেট দখল কৰা খেলখনতো গাইকোৱাডে প্ৰশিক্ষক হিচাপে কাম কৰিছিল। ভাৰতীয় এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বি চি চি আই, ৰাহুল দ্ৰাবিড়, কপিল দেৱ তথা আন আন বহুসংখ্যক লোকে শোক প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত কয়, “ক্ৰিকেটলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অংশুমান গাইকোৱাডক সকলোৰে স্মৰণ কৰিব। তেওঁ খেলুৱৈ হিচাপে যিমানেই প্ৰতিভাশালী আছিল সিমানেই আছিল এজন অসাধাৰণ প্ৰশিক্ষক। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছোঁ। তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি!”