প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ সাধনত অগ্ৰণী ভূমিকা পালন কৰা মনমোহন সিংঙে প্ৰধানমন্ত্ৰী হিচাপে গুৰুত্বপূৰ্ণ দেশসেৱা আগবঢ়াই থৈ গৈছে। সদায় শালীনতা, সততা আৰু সন্মানেৰে তেওঁল দায়িত্ব চম্ভালিছিল। ড° মনমোহন সিঙে নম্ৰতা, সমৰ্পিত সেৱাৰ মনোভাৱক মূৰ্ত কৰি তুলিছিল আৰু এক কঠিন সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁৰ নীতিসমূহ সুদূৰপ্ৰসাৰী আছিল। তেওঁৰ বিয়োগ আমাৰ দেশৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি। এই শোকৰ মুহূৰ্তত তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।”