প্ৰসূতি বিভাগ(The dark side of some government hospitals)
কাজি শ্বাহাদত ইছলাম,গুৱাহাটী
- আমাৰ দেশত চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত থকা ব্যক্তি সকলক মানুহে অতীজৰে পৰা অত্যাধিক গুৰুত্ব প্ৰধান কৰি আহিছে।যাৰ কাৰণে বহুতেই ডাক্তৰ সকলক ভগৱানৰ লগত তুলনা কৰে। কিন্তু বৰ পৰিতাপৰ বিষয় যে কিছুমান চৰকাৰী চিকিৎসালয়ত এনে কিছুমান ভণ্ড ডাক্তৰ,নাৰ্চ,ছুইপাৰ ও অন্যান্য কৰ্মকৰ্তা থাকে যে সিহঁতৰ চৰকাৰী দৰমহাকেইটাৰে পেট নভৰে।সিহঁতৰ কিছুমান কৰ্মকাণ্ডই প্ৰমাণ কৰে যেন উশাহতে অক্সিজেন আৰু ভোকত খাদ্য নহয় পইচাহে সেৱন কৰে।তৃপ্তি বোলা শব্দটো যেন সিহঁতৰ মনগহনত স্থান নাপায়।মই অন্য ক্ষেত্ৰৰ কথা বাদেই দিলোঁ যেনিবা,প্ৰসূতি বিভাগত সিহঁতে কৰা কিছুমান মইমতালিয়ে বহুত মানুহক মাজে মাজে অতিষ্ঠ কৰি তোলে।চৰকাৰৰ ফালৰ পৰা পোৱা দৰমহাৰ উপৰিও প্ৰতিজন অভিভাৱকৰ পৰা সন্তান ডেলিভাৰি কৰাৰ পইচা খোজাটো বৰ লজ্জাজনক কথা। কেতিয়াবা টকা বন্দোবস্ত কৰি ডেলিভাৰি কৰোৱা আৰু কেতিয়াবা ডেলিভাৰিৰ পিছত টকা দাবী কৰা বিষয়টো সিহঁতৰ নিত্যনৈমিত্তিক কৰ্ম।ইহঁত ইমানেই নীচ প্ৰজাতিৰ হৈ থাকে যে পইচাৰ লালসাতে “নৰ্মেল ডেলিভাৰি” হ’ব লগা প্ৰসূতিৰো যোনিদ্বাৰ কাটি সন্তান ডেলিভাৰি কৰোৱায় আৰু অভিভাৱকৰ আগত কষ্ট কৰি ডেলিভাৰি কৰোৱা বুলি ফিতাহি মাৰে যাতে মোটা অংকত টকা দাবি কৰিব পাৰে।সন্তান এটা ডেলিভাৰি হোৱাৰ সময়ত ডেলিভাৰিৰ লগত জড়িত থকা প্ৰতিজনেই পৃথক পৃথককৈ টকা দাবী কৰে।কিছুমানে যদি চিচি কেমেৰাৰ আঁৰত আকৌ কিছুমানে ৰাজহুৱা স্থানতেই। যাৰ ভুক্তভোগী মই নিজেই।এনে অসংখ্য ভুক্তভোগী আছে যিবোৰে প্ৰসূতিগৰাকী নতুবা পৃথিৱীত আহিবলগীয়া শিশুটিৰ সুৰক্ষাৰ কথা চিন্তা কৰি চুপ-চাপ পইচা আদায় দি দিয়ে।
- আমি সকলোৱে জানো যে চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ মেডিকেল সমূহৰ ওচৰে পাজৰে অসংখ্য ফাৰ্মাছী আৰু লেবৰ’টৰী থাকে।প্ৰায়ভাগ ডাক্তৰ বা নাৰ্চৰে সিহঁতৰ সৈতে কিছু ভিতৰুৱা বুজাবুজি থাকে।প্ৰতিটো মুহূৰ্তত সিহঁতে অভিভাৱকৰ পিছে পিছে ভেনামাখিৰ দৰে পেনপেনাই থাকে।বেমাৰীজনৰ প্ৰয়োজনীয় ঔষধ মেডিকেলৰ ষ্টোৰ ৰুমত থকা সত্বেও বাহিৰৰ ফাৰ্মাছী বোৰত দালালবোৰৰ সৈতে পঠিয়াই প্ৰয়োজনে অপ্ৰয়োজনে ঔষধবোৰ ক্ৰয় কৰায়। কেতিয়াবা কেতিয়াবা ক্ৰয় কৰোৱা ঔষধ ঘূৰাই পঠিয়াই প্ৰসূতিগৰাকীৰ নামত একাধিক ভুৱা প্ৰেচক্ৰিপশ্বন কৰি স্বল্পজ্ঞানী অভিভাৱকৰ হতোৱাই মেডিকেল ষ্টোৰৰ পৰা ঔষধ আনিব দিয়ে,আৰু পিছলৈ দালালৰ লগত নাৰ্চে ভগাই লয়।
- কেতিয়াবা যদি সিহঁতক সোধা হয় চৰকাৰী দৰমহাৰ বাহিৰেও ৰাইজৰ পৰা টকা বিচৰাৰ কাৰণ কি,সিহঁতৰ আচৰণ সলনি হৈ যায় আৰু কোনোবাই আওপকীয়াকৈ অতি সুক্ষ্ম ভাৱে ভয় খুওৱায় বেমাৰৰীৰ ক্ষতি হৈ যাব বুলি।আৰু কিছুমানেতো কৈয়েই পেলায় যে চৰকাৰী দৰমহাৰ তুলনাত সিহঁতৰ কষ্ট বেছি হোৱা বুলি।এনে বহুসংখ্যক ডাক্তৰ আছে চৰকাৰী হাস্পাতালত তাৰ ওচৰত গ’লে লাহেকৈ কৈ দিয়ে যে গধূলি কিম্বা ৰাতিপুৱা অমুক ফাৰ্মাছিত যাবা ভালদৰে চাই দিম।ডাক্তৰৰ কথামতে তেওঁৰ প্ৰাইভেট চেম্বাৰত গ’লে আচৰিত হৈ যাব।কাৰণ,একেই ডাক্তৰ অথচ চৰকাৰী মেডিকেলৰ চেম্বাৰ আৰু প্ৰাইভেট মেডিকেলৰ চম্বাৰত আচৰণত বহুত পাৰ্থক্য দেখা পাব।
- এইবোৰ কিমান দিন চলিব।প্ৰতিটো ক্ষেত্ৰতেই ঘোচ দিব লাগে।এক্সৰে,ছ’নগ্ৰাফীৰ ক্ষেত্ৰততো ইমানেই অৱহেলা কৰে যে ব্যক্তিগত মেডিকেলত কৰা এক্সৰেতকৈ চৰকাৰী মেডিকেলৰ এক্সৰে ৰিপ’ৰ্ট বহুত পাৰ্থক্য ।মই জানো যে মোৰ এই লেখাটিৰ বাবে সকলোটি পৰিৱৰ্তন হৈ শুদ্ধ পথত নাহে কিন্তু ২০১৫ চনত মোৰ প্ৰথম সন্তানৰ জন্ম হোৱাৰে পৰা মই এইবোৰ কথা ক’ব কাৰণে এটা প্লেটফৰ্ম বিচাৰি আছিলোঁ।
- গাঁৱৰ আশা কৰ্মীবোৰৰ আচৰণেও কেতিয়াবা অতীষ্ঠ কৰি তোলে। কিছুমান এনেকুৱা আশাকৰ্মী আছে যিয়ে নিজৰ দায়িত্ব সম্পৰ্কে কোনো অভিজ্ঞতা নাই অথচ টকা দাবী কৰি প্ৰসূতিৰ অভিভাৱকক বিৰক্ত কৰাত নিপুণ। গৰ্ভাৱস্থাৰ ৯ টা মাহত এনেদৰে বিলোপ হৈ থাকে যেনেদৰে অমানিশাৰ দিনবোৰত জোনাক।প্ৰসূতি গৰাকীৰ ডেলিভাৰি সম্পৰ্কে মুঠেও খবৰ নলয়। যদিও সিহঁত আশাকৰ্মী কিন্তু আচৰণ এজন অহংকাৰী ডাক্তৰতকৈ কোনো গুণে কম নহয়।আমি জানো যে “আদৰণি” নামৰ এম্বুলেন্সেৰে নবাগত শিশুটিক ঘৰলৈ পৌছাই দিয়াৰ বাবে “ফ্ৰি চাৰ্ভিচ” দিয়ে। কিন্তু বাস্তৱতা সম্পূৰ্ণ ওলোটা। সিহঁতৰ ওচৰলৈ গ’লে ৰাজহুৱা স্থানৰ অটোৰিক্সাৰ চালকৰ দৰেই দৰ দামত লাগি যায়। হয়তো ইহঁতৰ তলৰ পৰা ওপৰৰ মহল লৈকে এক মজবুত সংযোগ আছে।যাৰ বাবেই ইহঁতৰ বাৰেবাংকৰা পদ্ধতিটোত আজিলৈকে লেকাম লগা নাই।
- ২০১৫ চনৰ পিছৰ পৰা মোৰ জীৱনৰ লগত ঘটা কিছু তিক্ত বাস্তৱতা উদঙাই দিলোঁ।মই ভাবোঁ এই সম্পৰ্কীয় মৈমতালিৰ জালত প্ৰায়ভাগ প্ৰসূতিৰ অভিভাৱকে এবাৰ দুবাৰ পৰিছে হয়তো।কোনোবাই যদি এই সম্পৰ্কত প্ৰমাণ বিচাৰে সোমাই যাওক কোনো আত্মীয়ৰ ডেলিভাৰীৰ সময়ত।তেতিয়াহ’লে আপুনিও বিচাৰি পাব সিহঁতৰ চক্ৰবেহু।
- অসম চৰকাৰক কৰযোৰে অনুৰোধ জনাওঁ যে এই ক্ষেত্ৰত সামান্য দৃষ্টি নিক্ষেপ কৰক।কাৰণ প্ৰাইভেট মেডিকেলত যোৱাৰ যোগ্যতা সকলোৰে নাই।
(বিঃ দ্ৰঃ- মোৰ এই লেখাটিত কেৱলমাত্ৰ লোভী কৰ্মচাৰী সকলৰ বিষয়ে হে উল্লেখ কৰিছোঁ।সৎ জনৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে আৰু সদায়েই থাকিব।)