প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্রীলংকাৰ সর্বোচ্চ অসামৰিক সন্মান প্রদান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্রীলংকাৰ সর্বোচ্চ অসামৰিক সন্মান প্রদান

ৰঙিলী বাৰ্ত্তাসেৱা-  তিনিদিনীয়া ভ্ৰমণসূচীৰে শ্ৰীলংকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ দুয়োখন দেশৰ সম্পৰ্ক অধিক শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰতিৰক্ষাত ঐতিহাসিক চুক্তি সম্পন্ন কৰে। ইয়াৰ সমান্তৰালকৈ বিদ্যুৎ আৰু বিকাশতো চুক্তি সম্পন্ন কৰা হৈছে। দ্বিপাক্ষিক সম্পৰ্ক সবলীকৰণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হয় শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘মিত্র বিভূষণ’। ৰাষ্ট্ৰপতি দিছানায়কে প্রধানমন্ত্রী মোদীক শ্রীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰে। এই সর্বোচ্চ সন্মান গ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে দেশৰ ১৪০ কোটি জনতাক সন্মানটো উৎসর্গিত কৰাৰ লগতে ৰাষ্ট্ৰপতি দিছানায়কক ধন্যবাদ জ্ঞাপন কৰে। শ্রীলংকা আৰু ভাৰতৰ জনতাৰ মাজত ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বক ইয়ে প্রতিফলিত কৰে বুলিও প্রধানমন্ত্রী মোদীয়ে কয়। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাৰত আৰু শ্রীলংকাৰ মাজত ঐতিহাসিক প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰিত হয়। প্রধানমন্ত্রী মোদীৰ কলম্বো ভ্ৰমণৰ সময়ত এই চুক্তি হৈছে দুয়োখন দেশৰ মাজত হোৱা প্ৰথম আনুষ্ঠানিক সামৰিক চুক্তি। দুয়োখন দেশৰ মাজত হোৱা চুক্তি অনুসৰি ত্ৰিন কোমালি বিকাশৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হয়। ভাৰতৰ বহুমুখী সহযোগিতা হিচাপে শ্রীলংকাৰ পূৱ প্ৰান্তৰ প্ৰদেশত এটা পৃথক বিদ্যুৎ হাৱ গঢ়ি তোলাৰো চুক্তি সম্পন্ন হয়। মন কৰিবলগীয়া যে প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি দিছানায়কে ভিডিঅ’যোগে সামপুৰ সৌৰশক্তি প্রকল্পও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বেংকক ভ্রমণ সামৰি শ্ৰীলংকাত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক ইণ্ডিপেণ্ডেন্ট স্কোৱাৰত ৰাজকীয় আদৰণি জনায়। কোনো দেশৰ বিশিষ্ট অতিথিক এনেদৰে সন্মান জনোৱাটো বিৰল। ৰাষ্ট্ৰপতি দিছানায়ক আৰু প্রধানমন্ত্রী মোদীৰ দ্বিপাক্ষিক বৈঠকৰ সময়ত প্রধানমন্ত্রী মোদীয়ে তামিলৰ বিষয়টো উত্থাপন কৰে। শ্রীলংকাত থকা তামিলসকলৰ ক্ষেত্ৰত দেশখনে তামিলসকলৰ আকাংক্ষা পূৰ্ণ কৰিব বুলিও বৈঠকত ৰাষ্ট্ৰপতিগৰাকীয়ে আশ্বাস দিয়ে। ইপিনে, বৈঠকৰ অন্তত যুটীয়া সংবাদ বিবৃতিত ৰাষ্ট্ৰপতি দিছানায়কে কয় যে কোনো কাৰণতে তেওঁলোকৰ ভূমিৰ পৰা ভাৰতবিৰোধী কাৰ্যক অনুমতি দিয়া নহয়। লক্ষণীয় যে শ্রীলংকাত চীনে বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়াই আহিছে আৰু ইয়ে ভাৰতৰ বাবে উদ্বিগ্নতাৰ বিষয় হৈ আছে। এনে কাৰণতে প্রধানমন্ত্রী মোদীয়ে শ্রীলংকা ভ্ৰমণ কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।