প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ‘বনতাৰা’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ‘বনতাৰা’

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত মুকলি কৰা হ’ল অনন্ত আম্বানীৰ সপোনৰ প্ৰকল্প ‘বনতাৰা’।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত বন্যপ্ৰাণী উদ্ধাৰ  আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰাৰ উদ্বোধন কৰে।  ‘বনতাৰা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বনতাৰা’খন পৰিদৰ্শনো কৰে।  বনতাৰা ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে সিংহ, বাঘ, জিৰাফ, হাতী, কপৌকে ধৰি বহু জীৱ-জন্তুৰ সৈতে সময় কটায়। এটা বিশাল পাইথন, এটা দুমুখীয়া সাপ, এটা দুমুৰীয়া কাছ, উদ্ধাৰ কৰা নাহৰফুটুকী পোৱালি, বিশাল উট, ছীল আদি জন্তু পৰিদৰ্শন কৰে মোদীয়ে।

কেৱল ইমানেই নহয়,  সিংহৰ পোৱালীক গাখীৰ খুৱাই দিয়াৰ লগতে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সৈতেও এক্ষন্তেক খেলিলে প্ৰধানমন্ত্ৰীয়ে। চিম্পাঞ্জীৰ পোৱালীকো গাত উঠাই লৈ মৰম কৰি দিয়ে মোদীয়ে। তেওঁ বগা সিংহ, কেৰাকেল পোৱালি আৰু নাহৰফুটুকী পোৱালিকো গাখীৰ খুৱাই দিয়ে।  উল্লেখযোগ্য যে, মোদীয়ে গাখীৰ খোৱাই দিয়া বগা সিংহৰ পোৱালিটোৰ মাতৃক উদ্ধাৰ কৰি বনতাৰালৈ অনা হৈছিল।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে বনতাৰা সংৰক্ষণ কেন্দ্ৰৰ উৎকৃষ্ট পশু চিকিৎসা সুবিধা আৰু বিৰল প্ৰজাতিৰ জীৱ-জন্তুৰ তথ্য গ্ৰহণ কৰে। জীৱ-জন্তুৰ অস্ত্ৰোপচাৰো চাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।  চিকিৎসালয়ৰ এম আৰ আই কক্ষত উপস্থিত হৈ মোদীয়ে এছিয়াটিক সিংহৰ এম আৰ আই কৰা দৃশ্য পৰিদৰ্শন কৰে। সেই সময়ছোৱাত এটা নাহৰফুটুকীৰো অস্ত্ৰোপচাৰ চলি আছিল। সেই নাহৰফুটুকীটোক ঘাইপথত এখন গাড়ীয়ে খুন্দা মাৰিছিল, তাৰ পিছতে উদ্ধাৰ কৰি লৈ অনা হৈছিল বনতাৰালৈ।

গুজৰাটৰ ভান্তৰা সংৰক্ষণ কেন্দ্ৰত দুহেজাৰৰো অধিক প্ৰজাতি আৰু ১.৫ লাখৰো অধিক উদ্ধাৰ কৰা প্ৰাণী আছে। প্ৰধানমন্ত্ৰী মোদীয়ে বনতাৰাত বিভিন্ন সা-সুবিধা চোৱাচিতা কৰা চিকিৎসক, সহায়ক কৰ্মচাৰী আৰু শ্ৰমিকৰ সৈতেও মত বিনিময় কৰে। উল্লেখ্য যে, গুজৰাটৰ জামনগৰ শোধনাগাৰ চৌহদৰ ৩,৫০০ একৰ ভূমি সামৰি নিৰ্মাণ কৰা ‘বনতাৰা’ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ বন্যপ্ৰাণী পুনৰসংস্থাপন কেন্দ্ৰ। ‘বনতাৰা’ত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা আঘাতপ্ৰাপ্ত বন্যপ্ৰাণীক আশ্ৰয় দিয়া হৈছে। এইপৰ্যন্ত ‘বনতাৰা’ত আছে ২০০০ৰো অধিক প্ৰজাতিৰ প্ৰাণী। তদুপৰি ১.৫ লাখৰো অধিক বন্যপ্ৰাণীক বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰা হৈছে। বিপন্ন প্ৰজাতিৰ প্ৰাণীও বনতাৰাত অন্তৰ্ভুক্ত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰটোত উপলভ্য বিভিন্ন সা-সুবিধা পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে পুনৰসংস্থাপন কেন্দ্ৰটোত থকা বিভিন্ন জীৱ-জন্তুৰ ওচৰত গৈ সেইবোৰৰ সৈতে কিছু নিবিড় মুহূৰ্ত অতিবাহিত কৰে। বনতাৰা কেৱল বন্যপ্ৰাণীৰ আৱাস্থলেই নহয়, আছে বন্যপ্ৰাণীক চিকিৎসা কৰা অত্যাধুনিক পশু চিকিৎসালয়ো। প্ৰধানমন্ত্ৰী মোদীয়ে ‘বনতাৰা’ৰ পশু চিকিৎসালয় পৰিদৰ্শন কৰি পশু চিকিৎসাৰ বাবে উপলভ্য সা-সুবিধাসমূহো পৰিদৰ্শন কৰে য’ত MRI, CT Scan, ICU আদিৰ দৰে অত্যাধুনিক চিকিৎসা সঁজুলি-ব্যৱস্থা উপলভ্য হোৱাৰ লগতে Wildlife Anesthesia, Cardiology, Nephrology, Endoscopy, Dentistry, Internal Medicine আদিকে ধৰি একাধিক বিভাগো আছে। প্রধানমন্ত্রী মোদীয়ে বনতাৰা মুকলি কৰাৰ সময়ত ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানি, তেওঁৰ পত্নী নীতা আম্বানি, পুত্র অনন্ত আম্বানি আৰু বোৱাৰী ৰাধিকা মার্চেন্ট উপস্থিত থাকে।