প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণক লৈ দিয়া চৰকাৰী বিজ্ঞাপন সন্দৰ্ভত কংগ্ৰেছ দলৰ প্ৰতিক্ৰিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ দেশৰ অন্যতম এগৰাকী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়া ১৯৮৮ চনৰ জুন-জুলাই মাহত অসমলৈ আহিছিল। পত্নী ছোনিয়া গান্ধীৰ সৈতে সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱক লগত লৈ তদানীন্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিছিল। নিজেই গাড়ী চলাই তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গৈছিল। কাজৰিঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰতা দেখি তেওঁ অভিভূত হৈ পৰিছিল। সেই সময়ত অসমত অগম গণ পৰিষদ দলৰ চৰকাৰ আছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কাজিৰঙাৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে বানপানীৰ সময়ত যাতে ওখ ঠাইত থাকিব পাৰে তাৰবাবে পুঁজিৰো আৱণ্টন দিছিল। সেইসময়ত কাজিৰঙাৰ সঞ্চালক হিচাপে আছিল সোণাধৰ দলে৷ কংগ্ৰেছ দলে এটা কথা প্ৰত্যক্ষ কৰিছে যে আজি কেবাখনো বাতৰি কাকতত অসম চৰকাৰে নৰেন্দ্ৰ মোদীয়েই কাজিৰঙা পৰিদৰ্শন কৰা দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী বুলি উল্লেখ কৰি বিজ্ঞাপন প্ৰকাশ কৰিছে। এয়া সম্পূৰ্ণৰূপে অসত্য কথা। কাজিৰঙা পৰিদৰ্শন কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে প্ৰয়াত ৰাজীৱ গান্ধী। তেৱে মোদীৰ পূৰ্বেই নিজে গাড়ী চলাই কাজিৰঙা পৰিদৰ্শন কৰিছিল। সেয়ে এনেধৰণৰ যিকোনো দাবী কৰাৰ পূৰ্বেই বিজেপি দলটোক আমি অতীত ইতিহাস জানি ল’বলৈ আহ্বান জনাইছো।