প্ৰথম সংখ্যক এগ্ৰিভিজন উত্তৰ পূব সন্মিলনৰ পোষ্টাৰ মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- কৃষিৰ উদ্ভাৱনক আগুৱাই নিয়াৰ লক্ষ্যৰে এগ্ৰিভিজনে অনুষ্ঠিত কৰিবলৈ ওলোৱা প্ৰথম বাৰ্ষিক সন্মিলনৰ পোষ্টাৰ আজি অসম কৃষি বিশ্ববিদ্যালয়ত মুকলি কৰা হয়। অহা ইং ১৭ আৰু ১৮ মে’ ২০২৪ তাৰিখে অনুষ্ঠিত হবলগীয়া এই সন্মিলনৰ বিষয় হৈছে ‘পূব হিমালয়ৰ আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ভৱিষ্যতৰ কৃষি’। কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় (ইম্ফল) মণিপুৰ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট, অসম আৰু ICAR গৱেষণা কমপ্লেক্স NEH উমিয়ামৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত পৰিৱৰ্তনশীল কৃষি পদ্ধতিৰ ওপৰত বিষদভাৱে আলোচনা কৰা হ’ব আৰু ভৱিষ্যতৰ সময়ত কৃষি খণ্ডত নতুন নতুন কৌশল প্ৰযোগৰ বাট মুকলি কৰি অঞ্চলটোৰ বহনক্ষম উন্নয়নত লাভান্বিত কৰিব। আজি এই সন্মিলনৰ পোষ্টাৰ যোৰহাট স্থিত অসম কৃষি বিশ্ববিদ্যালয়ত মুকলি কৰা হয়, উক্ত অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ড° বিদ্যুত চন্দ্ৰ ডেকা, পঞ্জীয়ক শ্ৰী তপন গোহাঁই আৰু গৱেষণা (কৃষি) সঞ্চালক শ্ৰী সঞ্জয় চেতিয়া উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত সন্মিলন অহা ১৭ আৰু ১৮ মে ২০২৪ তাৰিখে শ্বিলঙত অনুষ্ঠিত হ’ব।