প্ৰথমবাৰলৈ গুৱাহাটীৰ বাহিৰত অসম বিধানসভাৰ অধিৱেশন

 প্ৰথমবাৰলৈ গুৱাহাটীৰ বাহিৰত অসম বিধানসভাৰ অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা-  আজিৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন।প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন ।কোকৰাঝাৰত অনুষ্ঠিত হ’ব বিধানসভাৰ বাজেট অধিৱেশন। আজি পুৱাই ৫খন বিশেষ বাছেৰে কোকৰাঝাৰলৈ ৰাওনা হয় অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কসকল।পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত এই অধিৱেশন অনুষ্ঠিত হ’ব। ৰাজ্যপাল লক্ষণ আচাৰ্যৰ অভিভাষণেৰে এই অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব। ৰাজ্যপালৰ ভাষণৰ এঘণ্টা ত্ৰিছ মিনিট পাছত পুনৰ সদনৰ বৈঠক আৰম্ভ হ’ব ৷ উল্লেখ্য যে,পূৰ্বৰ দৰে পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’ব । অৱশ্যে অধিৱেশনৰ পৰৱৰ্তী দিনকেইটাৰ কাৰ্যক্ৰমণিকা দিছপুৰ বিধানসভা সচিবালয়তে আগৰ সময় অনুসৰি অনুষ্ঠিত হ’ব । মুখ্যমন্ত্ৰী আৰু বিধায়কসকল পুৱাৰ আহাৰ গ্ৰহণ কৰি বিটিচি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই অধিবেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত ১২৬ খন আসন সাজু কৰা হৈছে । বিটিচিৰ কাৰ্যবাহী সদস্য তথা সদস্যসকলে গেলাৰীৰ বাওঁফালৰ আসনত বহি অধিৱেশনৰ কাৰ্যক্ৰমণিকা চাব পাৰিব । আনহাতে সাংবাদিক সকলৰ বাবে গেলাৰীৰ সোঁফালৰ আসনৰ ব্যৱস্থা কৰা হৈছে । অধিৱেশনৰ কাৰ্যসূচী উপভোগ কৰিবলৈ বিভিন্ন দল-সংগঠনৰ নেতৃত্বকো আমন্ত্ৰণ জনোৱা হৈছে ।