প্ৰত্যাহ্বানৰ দিনত ইতিবাচক চিন্তাৰে ভৱিষ্যতৰ দিক্‌দৰ্শন – অনুপম কলিতা

প্ৰত্যাহ্বানৰ দিনত ইতিবাচক চিন্তাৰে ভৱিষ্যতৰ দিক্‌দৰ্শন

অনুপম কলিতা
এম . এ , ডিব্ৰুগড় বিশ্ববিদ্যালয়
পাভজান গাওঁ , গোলাঘাট

” জীৱনটো নিজকে বিচৰা নহয় , জীৱনটো হৈছে নিজকে সৃষ্টি কৰা ” – জৰ্জ বাৰ্ণাড শ , “সংসাৰখন এখন দাপোন , প্ৰতিজন লোকেই ইয়াত নিজৰ – নিজৰ মুখখনৰ প্ৰতিফলন দেখিবলৈ পায় । ঘোপা চাৱনিৰে চালে সংসাৰেও তোমাক ঘোপা চাৱনিৰে চাব , হাঁহি – হাঁহি চালে দেখিবা সংসাৰখন এক ৰঙীয়াল বিশ্বস্ত সংগী ” – উইলিয়াম মেকপীচ ।

– ওপৰৰ উক্তিকেইটা সহজ যেন অনুভৱ হ’লেও প্ৰতিটো শব্দই নিজৰ মাজত অন্তৰ্ভূক্ত কৰিছে সাগৰ সদৃশ চিন্তা , ই যিদৰে অসীম অনন্ত ঠিক সেইদৰে গভীৰো ।

জীৱনটো হ’ল প্ৰত্যাহ্বানৰ সমষ্টি । বুৰঞ্জীৰ পাত লুটিয়াই চালেও আমি দেখি পাওঁ মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগস্বৰূপে প্ৰত্যাহ্বানে খোজে-খোজে পৰীক্ষা লয় আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয়ৰ। ক’লা সৰণ্যুয়ে আৱৰি থকাৰ পিছৰ বৰষুণজাক , ধুমুহাই তচ্‌-নচ্‌ কৰি শেষ কৰি পেলোৱাৰ আগতে নিজকে স্থায়ী ৰূপ দিবলৈ চেষ্টা কৰা প্ৰতিটো প্ৰাণী ইঁহত দুয়োৰে মাজত আছে এক নিবিড় সম্বন্ধ । এফালে যদি সময়ৰ লগত বিফলতাখিনি আঁতৰাৰ কথা কোৱা হৈছে আনফালে আকৌ সেই বিফলতা তথা প্ৰত্যাহ্বানৰ সন্মুখত থিয় হোৱাক প্ৰতিফলিত কৰিছে । বিপদ বা প্ৰত্যাহ্বানৰ পৰা পলাই জীৱনত সফলতা লাভ কৰাতকৈ বিপদক নিজক সাধ্যানুসৰি প্ৰতিহত কৰি সফল হোৱা জনহে প্ৰকৃত সফল ব্যক্তি।

” সকলো চৰায়ে বৰষুণত গছৰ ডালত আশ্ৰয় লয় , কিন্তু ঈগলে মেঘৰ ওপৰত উৰি ডাৱৰক কটাক্ষ কৰে । ” – ড° এ.পি.জে আব্দুল কালাম । সমস্যা একেই কিন্তু সমাধানৰ পন্থাই পাৰ্থক্য আনি দিয়ে । অৰ্থাৎ প্ৰত্যাহ্বানে জীৱনটো পূৰ্বতকৈ পূৰঠ হে কৰে।

আচলতে দিন বা ৰাতিৰ হিচাপেই আচল হিচাপ । জীৱনৰ ৰুটিনৰ হেঁচাৰ কাৰণে যদি বিষন্নতা অনুভৱ কৰিব পাৰে লাগে তেনেহ’লে প্ৰতি দিনৰ বেলি ডুবাৰ সময়তেই সেই বিষন্নতা অনুভৱ কৰিব লাগে । কি কৰিলোঁ দিনটোত ? কৰিলোঁ নে কিবা কামৰ কাম ? তেতিয়া বছৰৰো হিচাপ ওলায় । নিজৰে এখন কেলেণ্ডাৰ প্ৰস্তুত হয় আৰু কি ঠিক সেই কেলেণ্ডাৰেই ওভোতাই জীৱনক মহৎ কৰিব পাৰে । ‘ – ড° ভৱেন্দ্ৰ নাথ শইকীয়া । এই কথাৰ আঁত ধৰি আমি ক’ব পাৰোঁ যে দৈনন্দিন জীৱনত পোৱা বিষন্নতাখিনিয়ে জীৱনৰ সংজ্ঞা নিৰ্ধাৰণ নকৰে । জীৱনৰ প্ৰত্যাহ্বানত অসন্তুষ্ট হৈ কোনো লোক নিৰাশাৰ বশৱৰ্তী হয় কিন্তু সফল ব্যক্তি সকলে তাৰ বিপৰীতে কেতিয়াও জীৱনৰ প্ৰত্যাহ্বানৰ বাবে নিৰাশ নহয় । শান্ত সাগৰে দক্ষ নাৱিকৰ জন্ম নিদিয়া কথাষাৰৰ তাৎপৰ্যও এয়েই । টম ৱাটছনৰ মতে – ‘ আপুনি যদি সফল হ’ব খোজে তেন্তে বিফলতাৰ হাৰ দুগুণ বৃদ্ধি কৰক ।’

‘ Without positive attitude success is called luck , with positive attitude success is called achievement ‘ -ইতিবাচক মনোভাৱেৰে পুষ্ট ব্যক্তিসকলৰ আত্মবিশ্বাস , ধৈৰ্য আৰু নম্ৰতা আছে ।সাফল্যৰ আধাৰ হিচাপে ইতিবাচক মনোভাৱে ব্যক্তি এজনক সকলো ধৰণৰ প্ৰত্যাহ্বানৰ প্ৰতি যুঁজিবলৈ শক্তি দিয়ে । ইতিবাচক মনোভাৱৰ লগত কম্পিউটাৰ পৰিভাষাৰ GIGO ধাৰণাটো খাপ খায় । GIGO ৰ অৰ্থ হ’ল garbage in garbage out অৰ্থাৎ জাবৰ সোমালে জাবৰ ওলাব । ( মাণিক পাল- ‘প্ৰত্যাহ্বানৰ পৰা নিজকে কিদৰে নিৰাপদে ৰাখিব পাৰি ‘)

এতিয়া আঁহো ‘ ইতিবাচক চিন্তাৰ কলা ‘ অৰ্থাৎ The art of positive thinking ৰ কথাটিলৈ । শেহতীয়াকৈ জাপানীজ বিজ্ঞানী ডাঃ মাছাৰুৱে শব্দৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি এক অনন্য পৰীক্ষা চলাই এই সিদ্ধান্তত উপনীত হৈছে যে আমাৰ চিন্তাধাৰা আৰু শব্দৰ কম্পনে কেৱল চেতনাতে নহয় , পানীৰ দৰে নিষ্ক্ৰিয় একে প্ৰভাৱ পেলায় । গতিকে গম পোৱা যে আমাৰ চিন্তাধাৰাই আমাৰ চৌপাশৰ পৰিৱেশ সৃষ্টি কৰে । নেতিবাচক চিন্তাৰ মূল হিচাপে পৰচিন্তন আৰু পৰদৰ্শন তথা আনৰ দোষবোৰ দেখা আৰু চিন্তা কৰা কাৰ্যক ক’ব পাৰি । এনে লোক নিজেই নিজক ধ্বংসৰ ফালে গতি কৰায় ।

সাম্প্ৰতিক বিশ্বখন দিনে -প্ৰতিদিনে এক জটিল পৰিৱেশৰ মাজেৰে আগুৱাইছে । ‘ প্ৰজ্ঞাৰ সাধনা ‘ নামৰ কিতাপখনিত হোমেন বৰগোহাঞিদেৱে লিখি থৈ গৈছে যে – ‘ সমগ্ৰ মানৱ জাতিক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰিব পাৰি – সাধাৰণ মানুহ আৰু অসাধাৰণ মানুহ ।’ অসাধাৰণ মানুহ এনে প্ৰতিভা লৈ ওপজে , যি প্ৰতিভাৰ বলেৰে তেওঁ আন কাকো অনুসৰণ নকৰি নিজৰ বাট নিজে কাটি লয় । এই ‘ অসাধাৰণ ‘ মনোভাৱক তেখেতে ‘পজিটিভ এটিটিউড ‘ বুলি উল্লেখ কৰিছে । বৰ্তমান সময়ৰ যান্ত্ৰিকতাৰ ধামখুমীয়াত যিবোৰ ন-ন প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে তেন্তে প্ৰত্যাহ্বান সমূহৰ প্ৰত্যাহ্বান ৰূপে ঠিয় দিব পাৰে positive attitude য়ে । এই positive attitude এটাই হতাশা , নিৰাশা, বিষন্নতা সমূহৰ বাবে এটি কাৰ্যক্ষম প্ৰতিষেধক । হতাশা , নিৰাশাৰ বশৱৰ্তী হৈ এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ চৰম সিদ্ধান্ত ল’বলৈও কুণ্ঠাবোধ নকৰে । এনেক্ষেত্ৰত সবল মন এটি খুবেই প্ৰয়োজন ।

১.৩ / ইতিবাচক চিন্তাৰে ভৱিষ্যতৰ দিক্‌দৰ্শন

আমি আমাৰ জীৱনটোক ইতিবাচক চিন্তাধাৰাৰে আগুৱাই নিবলৈ সততে প্ৰচেষ্টা অব্যাহত ৰাখো । কেতিয়াবা এই প্ৰচেষ্টা বাস্তৱত ৰূপায়িত হয় আৰু কেতিয়াবা নহয় । এইটো ঠিক যে আমি একেদিনাই জীৱনৰ সকলো ইতিবাচক দিশ সামৰি সফলতাৰ জখলাত বগাব নোৱাৰোঁ । এষাৰ কথা আছে আমি আমাৰ ভৱিষ্যতক পৰিৱৰ্তন কৰিব নোৱাৰোঁ কিন্তু আমি আমাৰ অভ্যাসক সলনি কৰিব পাৰোঁ আৰু সেই অভ্যাসৰ লগত জড়িত ইতিবাচক দিশসমূহে আমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে । বদ অভ্যাসে জীৱনটোক অসন্তুলিত কৰি তোলাৰ বিপৰীতে ভাল অভ্যাসসমূহে আমাৰ জীৱনটোক সন্তুলিত কৰে । যেতিয়া আমি ইতিবাচক দৃষ্টিভংগীৰে পুষ্ট ব্যক্তিৰ লগত থাকোঁ তেতিয়া সেই ব্যক্তিজনৰ চিন্তা-চৰ্চাই আমাৰ জীৱনৰ ওপৰতো প্ৰভাৱ পেলায় অৰ্থাৎ মেটেকাসদৃশ নেতিবাচক চিন্তাসমূহ আঁতৰাই ৰখাত এই দৃষ্টিভংগীসমূহে সহায় কৰে ।

ইতিবাচক চিন্তাৰে ভৱিষ্যতৰ দিক্‌দৰ্শন কৰিবলৈ হ’লে আমি দৈনন্দিন জীৱনৰ সংগী হিচাপে কিছুমান দিশ অন্তৰ্ভূক্ত কৰিব পাৰোঁ । সেইসমূহৰ ভিতৰত –

১/ উচ্চ চিন্তা
২/ প্ৰত্যাহ্বানসমূহৰ লগত যুঁজ দিবৰ বাবে পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰিব পাৰোঁ ।
৩/ নিজৰ মন নিজে সংযম তথা নিৰূপন কৰা ।
৪/ সৰু-সৰু কথাৰ পৰা ইতিবাচক দিশসমূহ গ্ৰহণ কৰা ।
৫/ নিজক গঠনমূলক কামসমূহত অন্তৰ্ভূক্ত কৰা ।
৬/ বাহ্যিক পৰিৱেশক সুস্থ কৰি ৰখা যাতে এটি সুস্থ মন গঢ় লয় । ( এইক্ষেত্ৰত আমি Walter Reckless ৰ Containment Theory ৰ কথা উনুকিয়াব পাৰোঁ । কিয়নো অসুস্থ বাহ্যিক পৰিৱেশ তথা এটি দুৰ্বল মনে এজন ব্যক্তিক সততেই অপৰাধ প্ৰৱণ কৰি তুলিব পাৰে ।)

” মানুহৰ জন্ম হয় সফল হ’বলৈকে , ব্যৰ্থ হ’বলৈ নহয় ।” গতিকে এই বাক্যশাৰী অনুধাৱন কৰি যদি আমি আগবাঢ়ো তেন্তে ই হ’ব আমাৰ জীৱনৰ প্ৰত্যাহ্বান সমূহক ‘লাহদু’ হিচাপে ধৰি লৈ অনাগত দিনৰ বাবে সাজু হ’ব লাগে আৰু এই যাত্ৰাত সংগী হ’ব ইতিবাচক চিন্তা ।

Reference ( সহায়ক গ্ৰন্থৰাজী )

১/ সাধনা — হোমেন বৰগোহাঞি
২/প্ৰত্যাহ্বানৰ পৰা নিজকে কিদৰে নিৰাপদে ৰাখিব পাৰি — মাণিক পাল