প্ৰত্যাখানৰ চকুলো – দুলাল বৰা

PC - Foliage Friend
প্ৰত্যাখানৰ চকুলো 
দুলাল বৰা 
বিশ্বনাথ চাৰিআলি
হৃদয় জুৰুৱা গান
কিমান নো শুনাম
শুনালে জানো বুজি পাৱা
নে বুজিৱ চেষ্টা কৰিবা ।
মৰমেৰে পাৰি ৰখা
স্নেহৰ দলিছা শেতা পৰিছে
মৰহিৱ ধৰিছে সুগন্ধি কলিটি।
প্ৰেমৰ অফুৰন্ত সুৱাসে
বিকাশিত হোৱা
উজাগৰী নিশা আজি যেন
মৌনতাৰ সীমাহীন ঠিকনা হৈছে।
চকুৰলোতকে এতিয়া
নিৰ্মাজিত স্নেহৰ বান্ধ
দলিয়াই পেলাব খুজিছে,
নিগৰাইছে মাথো
বিষাদৰ এজাক বৰষুণ।
বিষাদৰ ক’লা ডাৱৰে
ছাটিৰিলে মনৰ আকাশখন
বজ্ৰপাত পাৰৰ দৰে
বুকুত খুন্দামাৰি ধৰিলে
এক অবুজ সিহৰণে,
বিচাৰি চাওঁতেই তুমি এৰি যোৱা
কাৰণবোৰ ফহিয়াই ।
তোমাৰ প্ৰেমৰ চলনাই
যে হেৰুৱালে মোৰ দৃঢ়তা
জীৱনৰ ৰঙীণ কল্পনাবোৰ
এতিয়া মোৰ মন পৰিধিখন
ধ্বংসাত্মক পৰিকল্পনো জোৱাৰ তুলিলে
মোৰ জীৱনৰ লগত কৰা
প্ৰেম অভিনয়ৰ নেওতা চাই।
নিথৰ হৈ চাওঁ আজি
চকুলো নিগৰাই
বিষাদৰ বৰষুণ জাকে অংকন কৰা
মন দাপোনত প্ৰত্যাখানৰ ছবিখন
হৃদযয়খন গোমোঠা কৰি।