প্ৰতিলিটাৰ গাখীৰৰ ৫ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সম্ভাৱনা আছে প্ৰতিলিটাৰ ৫ টকাকৈ গাখীৰৰ মূল্যবৃদ্ধি কৰাৰ সম্ভাৱনা

Pc The Janambhumi

প্ৰতিলিটাৰ গাখীৰৰ ৫ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সম্ভাৱনা আছে

প্ৰতিলিটাৰ ৫ টকাকৈ গাখীৰৰ মূল্যবৃদ্ধি কৰাৰ সম্ভাৱনা

ৰঙিলী বাৰ্ত্তাসেৱা – মহানগৰীৰ পাইকাৰী বজাৰত গো-পালক সন্থাই প্ৰতিলিটাৰ গাখীৰৰ চলাইছে। মূল্য চাৰিটকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই খুচুৰা বজাৰত গাখীৰৰ দাম বৃদ্ধিৰ কুচকাৱাজ চলিছে। বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সম্ভাৱনা আছে। যদিহে দুগ্ধ ব্যৱসায়ী সন্থাই প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ মূল্য বৃদ্ধি কৰে তেন্তে গুৱাহাটীবাসীয়ে প্ৰতিলিটাৰ গাখীৰ ক্ৰয়ৰ বাবদ ৬৫ টকা ভৰিব লাগিব। অৱশ্যে ঠাই বিশেষে গাখীৰৰ মূল্য পূৰ্বৰ দৰে তাৰতম্য হ’ব বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় চৰকাৰে পেকেটযুক্ত গাখীৰ দৈ আদিত ৫ শতাংশ জিএছটি লগোৱাৰ লগতে বজাৰত গো-খাদ্যৰ ওপৰত লগোৱা অতিৰিক্ত কৰ তথা মূল্যবৃদ্ধিৰ বাবে গো-পালক সন্থাই অহা পহিলা আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিলিটাৰ গাখীৰৰ মূল্য ৩-৪ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাইকাৰী বজাৰত গাখীৰৰ মূল্য ৩-৪ টকাকৈ বৃদ্ধি কৰাৰ পাছতেই গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই খুচুৰা বজাৰত গাখীৰৰ মূল্যবৃদ্ধিৰ প্ৰস্তুতি আজি গাখীৰৰ মূল্যবৃদ্ধি সন্দৰ্ভত অনুষ্ঠিত সহাৰ এক সভাত এই সম্পর্কে বিতংভাৱে আলোচনা কৰাৰ লগতে ব্যৱসায়ীসকলে মতামত ব্যক্ত কৰে। একাংশই প্ৰতিলিটাৰ গাখীৰৰ মূল্য চাৰি টকা বৃদ্ধিৰ প্ৰস্তাৱ দিয়াৰ পৰিৱৰ্তে আন একাংশ প্রতিলিটাৰত ৫ টকা বৃদ্ধিৰ প্ৰস্তাৱ দিয়ে। অৱশ্যে দীর্ঘ সময় ধৰি আলোচনা চলে যদিও দৰাচলতে প্রতিলিটাৰ গাখীৰত অহা পহিলা আগষ্টৰ পৰা কিমান টকা বৃদ্ধি কৰা হ’ব সেই সন্দৰ্ভত সন্থাই সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই যদিও ৫ টকাকৈ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰতিলিটাৰ গাখীৰৰ মূল্য সন্থাই পূর্বে খুচুৰা বজাৰত ৫৬ টকা নিৰ্ধাৰণ কৰিছিল যদিও গ্ৰাহকে ৬০-৬২ টকাত ক্ৰয় কৰিবলগীয়া হৈছিল। এইবাৰ প্ৰতিলিটাৰত ৫ টকা বৃদ্ধি কৰিলে কাগজে কলমে ৬১ হ’ব যদিও গ্রাহকসকলে ৬৫ টকাত ক্ৰয় কৰিবলগীয়া হ’ব। ইপিনে গাখীৰৰ মূল্যবৃদ্ধিৰ লগে লগে মহানগৰীৰ বজাৰত মিঠাইৰ দামো বৃদ্ধি পোৱাৰ পূর্ণ সম্ভাৱনাই দেখা দিছে।